• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

3 weeks ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

7 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

8 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

9 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

10 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

10 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

11 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

12 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

13 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

13 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

14 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

15 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

'ৰক্ষকেই যেতিয়া ভক্ষক হয়'

editor by editor
October 9, 2026
in অপৰাধ, ভাৰত, লেখা
0
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ কৃষ্ণনগৰ থানা এলেকাৰ ভোলাখেডাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ। ৫৬ বছৰীয়া হোমগাৰ্ড ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ বিৰুদ্ধে পত্নী আৰু কন্যাক হ*ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ ভুক্তভোগী নি*হত ৫০ বছৰীয়া পত্নী শ্যামা দুলাৰী আৰু ৩২ বছৰীয়া কন্যা পূজা চাহু।

আৰক্ষীৰ তথ্য অনুসৰি, শুকুৰবাৰে পুৱা এই ঘটনা পোহৰলৈ আহে। অভিযোগ অনুসৰি, নিশা পত্নী-কন্যা শুই থকা অৱস্থাত ডাটা কেবলেৰে ডিঙি চেপি হ*ত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযুক্ত হোমগাৰ্ডজনে নিজেই ১১২ নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পৰিয়ালটোত দীৰ্ঘদিন ধৰি পাৰিবাৰিক অশান্তি চলি থকাৰ কথা পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ সৈতে পত্নীৰ প্ৰায়ে গৃহকন্দল হৈছিল। কিছুদিন পূৰ্বে স্বামীৰ সৈতে হোৱা বিবাদৰ পিছত পত্নী শ্যামা দুলাৰীয়ে গহনা লৈ ঘৰ এৰি গৈছিল। ইয়াৰ পিছত ৰবীন্দ্ৰই থানাত তেওঁৰ নিৰুদ্দেশ সম্পৰ্কে এক গোচৰো ৰুজু কৰিছিল। অৱশ্যে কেইদিনমান পিছত শ্যামা পুনৰ ঘৰলৈ উভতি আহে।

আনহাতে, কন্যা পূজা চাহুৰ ব্যক্তিগত জীৱনক লৈও পৰিয়ালটোত অশান্তি চলি থকাৰ অভিযোগ উত্থাপন হৈছে। ২০১৭ চনত পূজাৰ প্ৰথম বিৱাহ হৈছিল। প্ৰথম স্বামীৰ সৈতে বিৱাহ বিচ্ছেদ হোৱাৰ পিছত ২০২২ চনত তেওঁ পুনৰ বিৱাহপাশত আবদ্ধ হয়। কিন্তু দ্বিতীয় বিৱাহো বিচ্ছেদত অন্ত পৰাত পূজা পিতৃৰ ঘৰতে বাস কৰিছিল।

পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি, পূজাৰ আন পুৰুষৰ সৈতে কথা-বতৰা পতাৰ বিষয়ক লৈও পিতৃৰ সৈতে মতানৈক্য হৈছিল। ইয়াৰ ফলত ঘৰখনত প্ৰায়ে কাজিয়াৰ পৰিৱেশ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই পাৰিবাৰিক বিবাদেই হ*ত্যাকাণ্ডৰ প্ৰকৃত কাৰণ নেকি, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ডাবল মাৰ্ডাৰৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। তদন্তৰ বাবে ফিল্ড ইউনিট আৰু ফৰেনছিক বিশেষজ্ঞৰ দলো ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে ঘটনাস্থলীৰ পৰা আঙুলিৰ ছাপ, হ*ত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা ডাটা কেবল আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োগৰাকী মহিলাৰ মৃ*তদেহৰ প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীৰ এগৰাকী বিষয়াৰ তথ্য অনুসৰি, নি*হত মহিলাগৰাকীৰ জ্যেষ্ঠ কন্যাই দাখিল কৰা লিখিত এজাহাৰৰ ভিত্তিত অভিযুক্ত ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ বিৰুদ্ধে হ*ত্যাৰ গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। হ*ত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ, পাৰিবাৰিক বিবাদৰ সৈতে ঘটনাটোৰ সম্পৰ্ক আৰু আন কোনো কাৰকে এই ঘটনাত ভূমিকা লৈছিল নেকি, সেই সকলো দিশ তদন্ত কৰি থকা হৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24double Murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.