• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

51 seconds ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

30 minutes ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

46 minutes ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

1 hour ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

1 hour ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

2 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

3 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

5 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

5 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

6 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

7 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

কিয় ক'লে-'মোৰ যন্ত্ৰণা কোনেও বুজিব নোৱাৰে’

editor by editor
October 9, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত, লেখা
0
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেত্ৰী তনুশ্ৰী দত্তই পুনৰ এবাৰ চৰ্চালৈ আহিছে। #MeToo আন্দোলনৰ সময়ত অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ তেওঁ শেহতীয়াকৈ কৰা মন্তব্যই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে সেই সময়ত তেওঁ বহু মানসিক কষ্টৰ সন্মুখীন হৈছিল। আনকি গোচৰটো প্ৰত্যাহাৰ কৰিবলৈও তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি তেওঁ অভিযোগ কৰিছে।

এক সাক্ষাৎকাৰত তনুশ্ৰী দত্তই #MeToo গোচৰ, প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য সংগ্ৰহৰ বাবে কৰা চেষ্টা আৰু সেই সময়ত তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে মুকলিকৈ কয়। তেওঁৰ মতে, একেধৰণৰ পৰিস্থিতিৰ মাজেৰে পাৰ হোৱা ব্যক্তিয়েহে তেওঁৰ কষ্ট ভালদৰে বুজিব পাৰিব। তনুশ্ৰী দত্তই কয় যে যোৱা পাঁচ বছৰত তেওঁ বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। সেই সময়ছোৱাত তেওঁৰ ওপৰত গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়া হৈছিল বুলি তেওঁ দাবী কৰে।

অভিনেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, তেওঁক বিভিন্ন ধৰণে প্ৰলোভিত কৰাৰ লগতে ভাবুকিও দিয়া হৈছিল। আনকি তেওঁৰ গাড়ীৰে দুৰ্ঘটনা ঘটোৱাৰ চেষ্টা আৰু খাদ্যত বিষ মিহলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছিল বুলি তেওঁ অভিযোগ কৰে। এই সকলোবোৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তনুশ্ৰীয়ে কয় যে তেওঁৰ বাবে এই লোকসকল ‘ইভিল ডেড’ৰ দৰে। তেওঁৰ মতে, এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱা ব্যক্তিয়ে তেওঁৰ মানসিক অৱস্থা আৰু কষ্টৰ গভীৰতা সহজে বুজিব নোৱাৰে।

নানা পাটেকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ গোচৰটো সন্দৰ্ভতো তনুশ্ৰী দত্তই কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। তেওঁৰ দাবী অনুসৰি, গোচৰটোৰ বাবে এজন মূল সাক্ষীক সাজু কৰিবলৈ তেওঁলোকক প্ৰায় পাঁচ বছৰ সময় লাগিছিল। তনুশ্ৰীয়ে কয় যে তেওঁলোকৰ হাতত প্ৰয়োজনীয় প্ৰমাণ আছিল। কিন্তু যিদিনা মূল সাক্ষীৰ বক্তব্য আদালতত দাখিল কৰাৰ কথা আছিল, সেইদিনাই গোচৰটো বন্ধ কৰি দিয়া হৈছিল বুলি তেওঁ অভিযোগ কৰে।

তেওঁৰ মতে, সাক্ষীজনক আদালতত উপস্থিত হ’বলৈ সন্মত কৰোৱাটো সহজ নাছিল। বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হোৱাৰ বাবে সাক্ষীজনে প্ৰথমে আগবাঢ়ি আহিবলৈ ভয় কৰিছিল। তথাপি বহু চেষ্টা কৰাৰ পিছত তেওঁ আদালতত শপতনামা দাখিল কৰিছিল বুলি তনুশ্ৰীয়ে দাবী কৰে।

তনুশ্ৰী দত্তৰ অভিযোগ অনুসৰি, গোচৰটোৰ মূল সাক্ষীগৰাকীয়ে বিভিন্ন ধৰণৰ ভাবুকি লাভ কৰিছিল। আনকি তেওঁৰ ঘৰলৈও মানুহ গৈছিল বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰে। তনুশ্ৰীয়ে কয় যে সাক্ষীগৰাকীক সাহস দিয়াৰ লগতে নিৰাপত্তাৰ আশ্বাস দিবলগীয়া হৈছিল। বহু কষ্টৰে তেওঁক আদালতলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সকলো প্ৰস্তুতিৰ পিছতো গোচৰটো বন্ধ হৈ যোৱাত তেওঁ হতাশ হৈছিল বুলি তনুশ্ৰীয়ে প্ৰকাশ কৰে।

গোচৰটো বন্ধ হোৱাৰ অৰ্থ নিজৰ অভিযোগ মিছা প্ৰমাণিত হোৱা নহয় বুলি তনুশ্ৰী দত্তই মন্তব্য কৰে। তেওঁৰ মতে, কোনো গোচৰত এজনে জয়ী হ’লেই তেওঁ সম্পূৰ্ণৰূপে শুদ্ধ আৰু আনজন ভুল বুলি ক’ব নোৱাৰি। তেওঁৰ দাবী, গোচৰটো এনে ধৰণে বন্ধ কৰা হৈছিল যে তেওঁ নিজৰ পক্ষৰ কথা সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা কৰাৰ সুযোগ নাপালে।

তনুশ্ৰীয়ে লগতে কয় যে গোচৰটোৰ সময়ছোৱাত তেওঁ বহু হেঁচা আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছিল। এই অভিজ্ঞতাই তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। সেই কঠিন সময়ছোৱাত নিজৰ মানসিক অৱস্থাৰ বিষয়েও মুকলিকৈ কয় অভিনেত্ৰীগৰাকীয়ে। তনুশ্ৰীৰ মতে, আগতে তেওঁ কোনো ভয় নকৰাকৈ মুক্তভাৱে ঘূৰি ফুৰিছিল। কিন্তু গোচৰটোৰ পিছত তেওঁৰ অৱস্থা এনেকুৱা হৈছিল যে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আগতেও দুবাৰ ভাবিবলগীয়া হৈছিল।

তেওঁ দাবী কৰে যে তেওঁৰ বাসগৃহৰ তলতো কিছুমান অস্বাভাৱিক ঘটনা ঘটিছিল। এই সকলোবোৰৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰিছিল আৰু হতাশাৰ সন্মুখীন হৈছিল। তনুশ্ৰীয়ে নানা পাটেকাৰক লৈও কঠোৰ মন্তব্য কৰে। তেওঁৰ মতে, সেই সময়ত তেওঁ যি কষ্ট আৰু সমস্যাৰ মাজেৰে পাৰ হৈছিল, সেয়া ভাষাৰে বুজাব নোৱাৰি।

উল্লেখ্যে ৮ অক্টোবৰত নানা পাটেকাৰৰ মৃ*ত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত evil dead বুলি পোষ্ট কৰিছিল। ইয়াৰ পিছতে নানা পাটেকাৰৰ অসংখ্য অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে। অভিনেত্ৰী তনুশ্ৰী দত্তৰ বিৰুদ্ধে অনুৰাগীসকল ক্ষুব্ধ হৈ পৰাৰ পিছতে এনেদৰে মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Nana PatekarTanushree Dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’
অসম

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

October 9, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.