অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ ৰাজ্যজুৰি অব্যাহত আছে চৰ্চা। এই গোচৰৰ অন্যতম অভিযুক্ত কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তৰ জামিনক লৈও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল। এতিয়া আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন প্ৰদান ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। বহুকেইটা চৰ্ত আৰু কেইবাদিনীয়া শুনানিৰ অন্তত ৰায় প্ৰদান কৰা হয়। এসপ্তাহ ধৰি উচ্চ ন্যায়ালয়ত চলিছিল অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি। ৫০ হাজাৰ টকাৰ বণ্ডত অমৃতপ্ৰভাক জামিন প্ৰদান আদালতৰ। প্ৰাঞ্জল দাসৰ বিচাৰপীঠে মঞ্জুৰ কৰিলে অমৃতপ্ৰভা মহন্তৰ জামিন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















