চৌপাশে এতিয়া দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা । মৃন্ময় খনিকৰ সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত । পবিত্ৰ মহালয়াৰ পিছৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় ।
বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। পুৰাণৰ পৰা মহাভাৰতলৈকে মহালয়াৰ বিষয়ে বহু কাহিনী কোৱা হৈছে। মহালয়াৰ দিনৰ পৰাই দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষত আৰম্ভ হয়।
মূলত মহালয়াৰ দিনটোৰ পৰাই দুৰ্গাপূজাৰ আনুষ্ঠানিক আৰম্ভণি হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। মহালয়াৰ পৰা নৱৰাত্ৰি আৰম্ভ হয় ।জনশ্ৰুতি মতে, আজিৰ পৰাই মহিষাষুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল তথাপি কিন্তু মহালয়াৰ তাৎপৰ্য বেলেগ বুলিও কোৱা হয়।
নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে দেৱীৰ ৯টা ৰূপ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়।
২০২৬ চনত ১০ অক্টোবৰ শনিবাৰে মহালয়া উদযাপন কৰা হ’ব। পিতৃ পক্ষ আৰু সৰ্ব পিতৃ অমাৱস্যাৰ অন্তিম দিন হোৱাৰ বাবে এই দিৱসটোৰ বিশেষ তাৎপৰ্য আছে। শাস্ত্ৰত উল্লেখ আছে যে যিসকলে নিৰ্দিষ্ট মৃত্যুৰ তাৰিখত নিজৰ পূৰ্বপুৰুষক তৰ্পন আগবঢ়াব নোৱাৰে তেওঁলোকে পিতৃ পক্ষৰ অন্তিম দিন অমবাস্যত তৰ্পন আগবঢ়াব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















