• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

13 minutes ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

29 seconds ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

30 minutes ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

51 minutes ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

2 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

3 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

4 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

4 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

5 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

6 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

6 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

ভোটগণনাৰ পূৰ্বে বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা

editor by editor
October 8, 2026
in অপৰাধ, অসম, ৰাজনীতি, লেখা
0
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
0
SHARES
4
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোটগণনাৰ পূৰ্বে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত এক আক্ৰমণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, দা-লাঠী আদি লৈ প্ৰায় ৩০-৩৫ জনীয়া এটা দলে এটা পৰিয়ালত আক্ৰমণ চলায়। এই আক্ৰমণত ৰফিকুল ইছলাম নামৰ এজন যুৱক আৰু জেছমিন চুলতানা নামৰ এগৰাকী মহিলা আহত হয়। পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অভিযোগ অনুসৰি, ৰফিকুল ইছলামে দোকানৰ ৫ হাজাৰ টকা বাকী বিচৰাৰ ঘটনাক কেন্দ্ৰ কৰিয়েই এই সংঘাতৰ সূত্ৰপাত ঘটে। ৰফিকুল ইছলামে দোকানৰ বাকী ধন বিচৰাৰ পিছতে তেওঁক লক্ষ্য কৰি একাংশ লোকে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। ৰফিকুল ইছলামৰ অভিযোগ অনুসৰি, আনছাৰ উল্লাহ, ছাদ্দাম, ছৰিফুল আৰু ফাৰুক নামৰ কেইজনমান লোকৰ নেতৃত্বত ৩০-৩৫ জনীয়া এটা দল হাতে হাতে দা-লাঠী লৈ তেওঁলোকৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছতে পৰিয়ালটোক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ চলোৱা হয় বুলি অভিযোগ কৰিছে ৰফিকুলে।

আক্ৰমণৰ সময়ত পৰিয়ালটোৰ সদস্যসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনাত ৰফিকুল ইছলাম আৰু জেছমিন চুলতানা আহত হোৱাত তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে, ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰফিকুল ইছলামে। তেওঁৰ দাবী, ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতো অভিযুক্তসকলৰ বিৰুদ্ধে যথোচিত পদক্ষেপ লোৱা হোৱা নাই।

ৰফিকুল ইছলামৰ আন এক গুৰুতৰ অভিযোগ হৈছে, আনাৰুল মোল্লা নামৰ এজন ব্যক্তি দিনে-নিশাই আৰক্ষী থানাত অহা-যোৱা কৰে আৰু থানাৰ বহু লোকৰ সৈতে তেওঁৰ ঘনিষ্ঠ পৰিচয় আছে। এই কাৰণতেই আৰক্ষীয়ে তেওঁৰ অভিযোগক গুৰুত্ব দিয়া নাই বুলি ৰফিকুলে অভিযোগ কৰিছে।

অৱশ্যে, এই ঘটনাৰ সৈতে জড়িত অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। ভোটগণনাৰ পূৰ্বে সংঘটিত এই ঘটনাক লৈ বটদ্ৰৱাত এতিয়া ব্যাপক চৰ্চা চলিছে। আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ কি, ৫ হাজাৰ টকাৰ বাকী ধনক লৈয়ে নে আন কোনো বিষয়ক কেন্দ্ৰ কৰি এই সংঘাতৰ সৃষ্টি হৈছিল আৰু অভিযোগত নাম অহা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে—সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Flight Clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
Next Post
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.