উত্তৰ প্ৰদেশৰ মেৰুট চহৰৰ জাইদ গাৰ্ডেন অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পাৰিবাৰিক বিবাদৰ মাজতে এগৰাকী মহিলাই স্বামী নাদিমৰ গোপন অংগত চোকা অ*স্ত্ৰৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান আহত নাদিমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, বিৱাহৰ সাত বছৰ পাৰ হোৱাৰ পিছতো দম্পতীটোৰ কোনো সন্তান জন্ম হোৱা নাছিল। অভিযোগ অনুসৰি, এই বিষয়টোক লৈ নাদিমে প্ৰায়ে পত্নী শ্বাবানাক দ্বিতীয় বিৱাহ কৰাৰ ভাবুকি দিছিল।
আনহাতে, পত্নীয়ে আন যুৱকৰ সৈতে ফোনত কথা পতা বিষয়টোক লৈও নাদিমে আপত্তি কৰিছিল। এইবোৰ বিষয়ক কেন্দ্ৰ কৰি দুয়োৰে মাজত সঘনাই কাজিয়াৰ সৃষ্টি হৈছিল।
বুধবাৰে নিশাও একেটা বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱা বুলি জানিব পৰা গৈছে। নাদিমৰ অভিযোগ অনুসৰি, কাজিয়াৰ কিছু সময় পিছত শ্বাবানাই তেওঁক কফি খাবলৈ দিয়ে। কফি খোৱাৰ পিছতে তেওঁ টোপনি টোপনি অনুভৱ কৰি অচেতন হৈ পৰে। সেই সুযোগতে শ্বাবানাই এখন চোকা অ*স্ত্ৰৰে নদিমৰ গোপন অংগত আঘাত কৰে বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনাটোৰ পিছতে আহত নাদিমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















