অসম লাইভ ২৪ঃ ক’ভিশ্বীল্ডৰ এটা পালিয়েও জীৱন ৰক্ষা কৰিব পাৰে আপোনাৰ। পাব্লিক হেল্থ ইংলেণ্ডৰ এক শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। গৱেষণাৰ তথ্য মতে, ভেকচিন গ্ৰহণ কৰাৰ পাছত ক’ৰোনাত আক্ৰান্ত হ’লেও অধিকসংখ্যকৰে অৱস্থা গুৰুতৰ নহয়। ক’ভিশ্বীল্ড গ্ৰহণ কৰা ৫৫ শতাংশৰ মৃত্যুশংকা কমে। দুটা ড’জ গ্ৰহণ কৰাসকলৰ সংক্ৰমণৰ হাৰ প্ৰায় শূন্য। ক’ভাক্সিনৰ দুয়ো পালি লোৱা ০.০৪ শতাংশহে আক্ৰান্তৰ তথ্য। ক’ভিশ্বীল্ডৰ দুয়ো পালি লোৱা ০.০৩ শতাংশহে আক্ৰান্তৰ তথ্য। আনহাতে গৱেষণআৰ আন এক তথ্য মতে, যিসকল লোক পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ ক্ষেত্ৰত ভেকচিনৰ প্ৰথম পালিৰ কাৰ্যকাৰিতা অধিক। প্ৰথম পালি ভেকচিন লোৱাসকলৰ ক্ষেত্ৰত ৮০ শতাংশ লোকৰ মৃত্যুশংকা হ্ৰাস পায়। এতিয়া প্ৰশ্ন হয় প্ৰথম পালি ভেকচিন লোৱাৰ কিমান দিনৰ পাছত সুৰক্ষা? তথ্য মতে, ভেকচিন গ্ৰহণৰ ১৪ দিনৰ পাছৰে পৰা ব্যক্তিৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে। তদুপৰি ভেকচিন গ্ৰহণ কৰাৰ পাছত কোনো লোক আক্ৰান্ত হ’লেও তেওঁৰ পৰা আনলৈ সংক্ৰমণৰ তীব্ৰতা সংক্ৰমণৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পায়। ভেকচিনৰ দুয়োটা পালি লোৱাৰ পাছত ১০-১৫ দিনৰ ভিতৰত এজন ব্যক্তিৰ দেহত পৰ্যাপ্ত কোভিড এণ্টিব’ডীৰ সৃষ্টি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ