অসম লাইভ ২৪ঃ কোভিড ৰোগী সকলৰ বাবে ISRO ই নিৰ্মাণ কৰি উলিয়াইছে স্বদেশী অক্সিজেন কনচেনট্ৰেটৰ। ISRO ই ইয়াৰ নাম ৰাখিছে ‘শ্বাস’। অক্সিজেনৰ মাত্ৰা কমি যোৱা ৰোগীসকলক ৯৫ শতাংশ অক্সিজেন প্ৰদান কৰিবলৈ সক্ষম এই অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’ । অৱশেষত কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিছে ISRO । বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰত নিৰ্মাণ কৰা হৈছে এইসমূহ অক্সিজেন কনচেনট্ৰেটৰ। ISRO ৰ দ্বাৰা নিৰ্মিত এই অক্সিজেন কনচেনট্ৰেটৰে প্ৰেচাৰ স্যুইং এডজৰ্পচনৰ(PSA) ৰ দ্বাৰা বায়ুৰ পৰা নাইট্ৰ’জেন গেছ পৃথক কৰি অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে। ISROৰ প্ৰকাশ কৰা তথ্য অনুসৰি ‘শ্বাসে’ একেসময়তে ২ জন ৰোগীক ১০ LMP অক্সিজেন যোগান ধৰিবলৈ সক্ষম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ