• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি লাগে অসমক?

কি লাগে অসমক?

6 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

4 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

কি লাগে অসমক?

editor by editor
July 1, 2020
in লেখা
0
কি লাগে অসমক?
445
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোডী-সোণোৱালৰ ‘হিন্দী-হিন্দুত্ববাদ-হিন্দুস্থানী’?

নে সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক লৈ আঞ্চলিকতাবাদৰ বিজয়ধ্বজা?

 

কেন্দ্ৰত ছবছৰীয়া নৰেন্দ্ৰ মোডী আৰু অসমত সৰ্বানন্দ সোণোৱালৰ চাৰিবছৰীয়া শাসনে অন্য নহ’লেও সৰ্বসাধাৰণ জনতাক সকলো ধৰণৰ অগণতান্ত্ৰিক, বে-আইনী, অসাংবিধানিক আৰু বিশৃংখল শাসনৰ ব্ৰহ্ম তিতা খুৱাবলৈ সক্ষম হ’ল। সন্দেহ নাই যে দেশৰ অৰ্থনীতি সমূলি ধ্বংস কৰি নৰেন্দ্ৰ মোডীৰ চৰকাৰে এক নজিৰ অৱশ্যেই সৃষ্টি কৰিলে। কেৱল মিথ্যাচাৰ আৰু মন-ভুলোৱা কথাৰেও যে এখন চৰকাৰ চলাব পাৰি সেই কথাও আজি নৰেন্দ্ৰ মোডীয়েই প্ৰমাণ কৰি দেখুৱালে। উদাহৰণ দিবলৈ গ‌’লে মহাভাৰত হ’ব। নিৰ্বাচনত শ শ কোটি টকা লৈ ক্ষমতা হস্তগত কৰাৰ পৰিণতিত শাসনলৈ আহিয়ে আদানী, আম্বানী পৰিয়ালৰ গোলামত পৰিণত হোৱা নৰেন্দ্ৰ মোডীৰ চৰকাৰে এমুঠি পুঁজিপতিক ধনী কৰাৰ স্বাৰ্থত দেশৰ সাধাৰণ শ্ৰমজীৱী আৰু মধ্যবিত্ত শ্ৰেণীৰ জনতাৰ ওপৰত অৰ্থনৈতিক শোষণ কল্পনাতীতভাৱে বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিল। ধনিক শ্ৰেণী অধিক ধনী হৈ গৈ থাকিল আৰু দৰিদ্ৰ, খাটিখোৱা মেহনতী জনতাৰ অৱস্থা পানীত হাঁহ নচৰা হ’ল।

কেৱল ক্ষমতাৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এমুঠি ধুৰন্ধৰ অসমীয়া ৰাজনৈতিক খেলুৱৈয়ে “জাতি-মাটি-ভেটি”ৰ শ্ল’গান দি নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ অসমধ্বংসী অভিযানক ৰঙা দলিচা পাৰি আদৰি আনি অসমৰ সহজ-সৰল জনতাক চূড়ান্ত প্ৰতাৰণা কৰিবলৈ পিছ হুঁহকি নাথাকিল। নীলা শিয়ালৰ দৰে স্বৰূপ দেখুৱাই অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যহঁত লৰ ধৰিলে নিজৰে জাতিক নিলামত বেচিবলৈ ওলোৱা নৰেন্দ্ৰ মোডীৰ ‘অসমীয়া এজেণ্ট’ সৰ্বানন্দ-হিমন্ত বিশ্বৰ কাষলৈ। ক্ষমতা লাগে, অন্য কথা নাই। অতুল-কেশৱ-ফণীভূষণক মন্ত্ৰিত্ব দি ৮৫৫ জন শ্বহীদৰ চৰম ত্যাগৰ বিনিময়ত ঠন ধৰি উঠা আঞ্চলিকতাবাদী ধাৰাটোক ডিঙি চেপি এফালৰ পৰা হত্যা কৰি গ’ল বিজেপি নামৰ সাম্প্ৰদায়িক দৈত্যটোৱে। অসম গণ পৰিষদ নামৰ আঞ্চলিকতাবাদী দলটোৰ নেতৃত্বই ধন আৰু ক্ষমতাৰ নিচাত মোহাচ্ছন্ন হৈ সকলো এৰি দিলে। ৰাইজৰ কথা তেওঁলোকৰ কাণত নোসোমোৱা হ’ল। অসম আন্দোলনৰ গুঢ়াৰ্থ নজনা হৈ পৰিল। শ শ শ্বহীদৰ ত্যাগ তেওঁলোকৰ বাবে সাধাৰণ কথা হৈ পৰিল। বাংলাদেশক অসমৰ মাটি দি দিয়া হ”ল। অসমীয়া জাতিক নিঃশেষ কৰিবলৈ লাখে লাখে বাংলাদেশৰ হিন্দু বিদেশীক অসম সোমোৱাৰ বাট মোকলাই ষড়যন্ত্ৰমূলকভাৱে নাগৰিকত্ব আইন সংশোধিত কৰি গৃহীত কৰা হ’ল। উত্তৰ অসমৰ জনজীৱনলৈ প্ৰৱল প্ৰত্যাহ্বান নমাই অনা নামনি সোৱণিশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আগবঢ়াবলৈ দিল্লীৰ চৰকাৰে সেউজ সংকেত দি দিলে। দিহিং পাটকাই বৰ্ষাৰণ্য ধ্বংস কৰি কয়লাৰ মুক্ত খননত অনুমোদন দিয়া হ’ল। এটাৰ পিছত আনটো তেলখাদ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া হ’ল। তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতিৰ বাবে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল, হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হ’ল। কেইবাজনৰো মৃত্যু হ’ল। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমীয়া ভাষাক দেখদেখকৈ অৱজ্ঞা, অৱহেলা কৰা হ’ল। শঙ্কৰদেৱ, আজান ফকীৰৰ অসমত হিন্দু-মুছলমানৰ মাজত জানি-বুজি বিদ্বেষৰ বীজ সুমুৱাই দিয়া হ’ল। আহোম, কোঁচ, কলিতা, বামুণ, গোঁসাই, মটক, মৰাণ, কাৰ্বি, বড়ো আদি অসমৰ জাতি-জনজাতিক ভাগ ভাগ কৰি পৰস্পৰৰ প্ৰতি শংকা আৰু অবিশ্বাসৰ ভাব সুমুৱাই দিয়া হ’ল। তথাপি একান্ত নিচাসক্ত, শক্তিহীন, অকৰ্মন্য মানুহৰ পৰিচয় দি তথাকথিত আঞ্চলিকতাবাদী-জাতীয়তাবাদী অতুল, কেশৱ, ফণীহঁত মোডী-সৰ্বানন্দৰ বোকোচাত শুই থাকিল। আজিও শুইয়ে আছে।

এইখিনি কথা নতুন নহয়। কিন্তু ৰাইজক আকৌ এবাৰ মনত পেলাই দিবলৈ ইয়াৰ প্ৰয়োজন আছিল।

এতিয়া আমি কি কৰিম?

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলক ক্ষমতালৈ আনিলে দেশ, অসম ৰসাতলে যাব বুলি ডঃ হীৰেন গোহাঁই প্ৰমুখ্যে অসমৰ অৰ্ধ-শতাধিক বুদ্ধিজীৱী, সাংবাদিক, অধ্যাপক, অধিবক্তাই ৰাজহুৱা সকীয়নি দিয়াৰ পিছতো অসমৰ ৰাইজে পৰ্বতত কাছ কণী বিচৰা দি ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ স্বপ্নত সাম্প্ৰদায়িক, অসমবিৰোধী ৰাজনীতিক মূৰত তুলি ল’লে। অৱশ্যে ৰাইজৰ এই সিদ্ধান্তৰ বাবে বহু পৰিমাণে জগৰীয়া কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকাল বুলি ক’লেও বৰ বেছি ভুল কোৱা নহয়। সি যিয়েই নহওক ভোটাৰ ৰাইজৰ এই ধাৰণা যে ভুল আছিল সেইটো প্ৰমাণ হ’বলৈ বৰ সৰহ দিন নালাগিল। তিনিমাহ, চাৰিমাহৰ পিছতে মোহভংগ ঘটিল। তাৰ পিছত ২০১৬ ত আকৌ অসমত সোণোৱাল ডাঙৰীয়াৰ বাহিনী মোডী-শ্বাহৰ এজেণ্ট হৈ দিছপুৰত বহিল। অৰাজকতা দুগুণে বাঢ়িল। পদে পদে অসমৰ সম্পদ নিলাম হ’ল, ৰাইজৰ মাত-কথা তেওঁলোকৰ অসহ্য হৈ আহিল। ‘শূন্য সহনশীলতা’ৰ কথা কোৱা সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সদস্যসকলৰ দুৰ্নীতিয়ে আকাশ চুলেগৈ। এওঁলোকৰ শাসন কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনতকৈ বহু বেছি ভয়ংকৰ, বহু বেছি সমাজ ধ্বংসকাৰী বুলি ৰাইজ পতিয়ন যাবলৈ আৰম্ভ কৰিলে। কিন্তু ৰাষ্ট্ৰীয় দলসমূহৰ মৌলিক চৰিত্ৰ একেই বাবে কাকো বিশ্বাসত ল’বলৈ টান পাইছে অসমৰ জনগণে। মুকলিকৈ বহুতে এইবোৰ কথা প্ৰকাশ কৰিছে। সেয়ে সাধাৰণভাৱে অসমৰ ৰাইজে এটা বিকল্প আঞ্চলিক শক্তিৰ পোষকতা কৰিছে। দাবীও উঠিছে জাতিধ্বংসী ‘কা’ বিৰোধী আন্দোলনৰ সময়ৰ পৰাই। কিন্তু নতুন নতুন দলৰ সৃষ্টিয়ে ঘূৰি-পকি আকৌ যে বিজেপিকে সহায় কৰিব সেই কথাও ৰাইজে বুজি উঠিছে। সুযোগ বুজি বহুতে বিভিন্ন অংক, ভিন ভিন এজেণ্ডা লৈ আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰি দিছিল। এতিয়াও চলি আছে। সেয়াই হ’লে পুনৰ বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তি ৰঙা-দলিচা পাৰি আকৌ ক্ষমতা হাতত তুলি দিয়া হ’ব। এই সকলো কথা বুজি উঠি প্ৰগতিশীল চিন্তাৰ কিছু মানুহ একগোট হৈ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত সকলো সৰু সৰু আঞ্চলিক দল, মঞ্চ, সংগঠন আৰু জাতীয় সংগঠনৰ লগতে আঞ্চলিকতাবাদত বিশ্বাসী ব্যক্তিসকলক একত্ৰিত কৰি গঠন হৈছে “আঞ্চলিক গণ মৰ্চা”। আটাইতকৈ ডাঙৰ আৰু লক্ষ্যণীয় কথাটো হ’ল যে এগৰাকী সাংসদৰ পৃষ্ঠপোষকতাত আৰু নেতৃত্বত এটা আঞ্চলিক ৰাজনৈতিক মৰ্চা গঠনৰ এয়াই সম্ভৱতঃ প্ৰথম ঘটনা। ই নতুন দল নহয়। বৰং পুৰণি সৰু-বৰ সকলো আঞ্চলিক দল, আঞ্চলিকতাবাদত বিশ্বাসী মঞ্চ, বিশিষ্ট নাগৰিকক লৈ এক ঐক্যবদ্ধ ৰাজনৈতিক যুঁজ দি আঞ্চলিকতাবাদক পুনৰ সাৰ-পানী যোগাই জীপাল কৰা আৰু বি জে পিৰ দৰে সাম্প্ৰদায়িক শক্তি, অগপৰ দৰে ভুৱা, প্ৰতাৰক আঞ্চলিকতাবাদী দলক উৎখাত কৰাই এই মৰ্চাৰ প্ৰাথমিক লক্ষ্য। য’ত ক্ষমতাই শেষ কথা তাত মূল্যবোধৰ ৰাজনীতি এক অচল বিষয়। ইয়াৰ পিছতো যিবোৰ শক্তিয়ে মুখত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ জয়গান গাই পৰোক্ষভাৱে অসমৰ ভয়ানক শত্ৰু বিজেপিক পৰোক্ষভাৱে সহায় কৰিবলৈ যাব সেইবোৰক নিশ্চয় জনতাই চিনাক্ত কৰিব।

এটা কথাত আঞ্চলিক গণ মৰ্চাই সৰ্বাধিক গুৰুত্ব দিব লাগিব যাতে আঞ্চলিকতাবাদত বিশ্বাস কৰা অসমৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠন, ভাষা-ধৰ্ম-জাত-পাত নিৰ্বিশেষে সকলো আগবাঢ়ি আহি একেটা ছাতিৰ তলত সমবেত হ’বলৈ কাহানিও দ্বিধাগ্ৰস্ততাত ভুগিবলগীয়া নহয়। তাৰ বাবে মুকলি আৰু অতি স্পষ্ট কৰ্মসূচী, নীতি-আদৰ্শ সমাজৰ তৃণমূল পৰ্যায়লৈকে মৰ্চাই লৈ যাব পাৰিব লাগিব। সম-অধিকাৰ, উমৈহতীয়া নেতৃত্বৰ ধাৰণাটোক ব্যৱহাৰিক অৰ্থত তুলি ধৰিব পাৰিব লাগিব। প্ৰয়োজনত সাম্প্ৰদায়িকতা বিৰোধী, অসমৰ স্বাৰ্থক আগ স্থান দিবলৈ ৰাজী অন্যান্য বিজেপি-বিৰোধী শক্তিক লগত ল’বলৈয়ো কুণ্ঠাবোধ কৰিব নালাগিব। আমি সকলোৱে মনত ৰখা দৰকাৰ যে আজিৰ তাৰিখত আমাৰ উমৈহতীয়া শত্ৰুক পৰাভূত কৰিবলৈ উপযুক্ত ৰণ-কৌশল লাগিবই। অতি-আৱেগ প্ৰৱণতা আৰু ব্যক্তিপূজাই আমাৰ ভৱিষ্যত নিঃশেষ কৰি দিবলৈ বৰ বেছিপৰ নল’ব।

আমি ঠিৰাং কৰি লোৱাৰ সময়- আমাক কি লাগিব ২০২১ ত। “হিন্দী-হিন্দুত্ববাদ-হিন্দুস্থান”ৰ ভয়াৱহতা, নে অসমৰ জনগণৰ আস্থা আৰু বিশ্বাসৰ এখন শক্তিশালী ধৰ্ম-নিৰপেক্ষ আঞ্চলিক চৰকাৰ ? দৃঢ় সিদ্ধান্ত ল’ব লাগিব অসমৰ জনগণে। নহ’লে ইতিহাসে কাকো ক্ষমা নকৰিব!

(লেখকঃ মনজিৎ মহন্ত, জ্যেষ্ঠ সাংবাদিক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24manjit mahanta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
জাতি-মাটি-ভেটিৰ চৰকাৰঃ মাটি যায় যায়…

জাতি-মাটি-ভেটিৰ চৰকাৰঃ মাটি যায় যায়...

‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’

‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.