অসম লাইভ২৪ঃ
গোৱালপাৰাত বিজেপি নেত্ৰীৰ ৰহস্যজনক মৃত্যু। নেত্ৰীগৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। নিশাৰ ভাগত উদ্ধাৰ হৈছে মহিলানেত্ৰীগৰাকীৰ মৃতদেহ৷
দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পথৰ কাষত পেলাই থৈ যায় মহিলাগৰাকীক। হত্যাৰ বলি হোৱা মহিলাগৰাকী বিজেপিৰ গোৱালপাৰা জিলা সম্পাদিকা জোনালী নাথ৷ গোৱালপাৰাৰ মাটিয়াত ঘৰ মৃত মহিলাগৰাকীৰ।
উল্লেখ্য যে, মাটিয়াৰ নিজ বাসগৃহৰ পৰা দেওবাৰে বিয়লি ওলাই যোৱাৰ পিছত একাংশ লোকে মাটিয়াৰ কাষতে থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল জোনালী নাথক। আনহাতে, নিশাই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতেই আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহটোৰ বহু ঠাইত আঘাতৰ চিন আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ