অসম লাইভ২৪ঃ দেশৰ চৰকাৰী কৰ্মচাৰীৰ ভাল খবৰ। পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিক লৈ দেশত চৰ্চা অব্যাহত থকাৰ মাজতেই আহিছে ভালখবৰ। দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যসমূহত নতুন পেঞ্চন নীতি আঁতৰাই পুৰণি পেঞ্চন নীতি অনা হৈছে। NPSৰ ঠাইত OPS আনিছে কংগ্ৰেছ শাসিত ৰাজ্যসমূহে। কিন্তু বিজেপি শাসিত ৰাজ্যসমূহত এতিয়াও NPSয়েই বাহাল ৰাখিছে। শেহতীয়াকৈ এই সন্দৰ্ভত জাৰি কৰিছে এখন বিশেষ জাননী। ১৩ জুলাইত জাৰি কৰা হৈছে এই বিশেষ জাননী।
পেঞ্চন নীতিক লৈ DoPTয়ে জাৰি কৰা জাননীত কয়, ‘যিসকল চৰকাৰী কৰ্মচাৰীয়ে ২২-১২-২০০৩ৰ পূৰ্বে চাকৰি লাভ কৰিছে তেওঁলোকৰ বাবে পুৰণি পেঞ্চন নীতিয়েই থাকিব। যিসকল কৰ্মচাৰীয়ে ০১-০১-২০০৪ চনৰ পাছত চাকৰিত যোগদান কৰিছে তেওঁলোকৰ বাবেহে NPS আছে। তেওঁলোকক AISৰ নিয়ম অনুসৰি ১৯৫৮ চনৰ অল্ড পেঞ্চন স্কীমৰ অধীনত বিশেষ সুবিধা দিয়া হ’ব পাৰে বুলি আলোচনা হৈছে। তেওঁলোকে এককালীনভাৱে এই সুবিধা লাভ কৰিব পাৰে।
পুৰণি পেঞ্চন আঁচনিৰ বাবে কোন যোগ্য?
DoPTয়ে জনোৱা অনুসৰি অসামৰিক সেৱাৰ পৰীক্ষা ২০০৩, অসামৰিক সেৱাৰ পৰীক্ষা২০০৪ আৰু ভাৰতীয় বন বিভাগৰ পৰীক্ষা ২০০৩ৰ জৰিয়তে বাছনি কৰা AISৰ সদস্যসকলে পুৰণি পেঞ্চন নীতিৰ অধীনত অন্তৰ্ভুক্ত হ’ব পাৰিব।
বিকল্প বাছনি কৰাৰ অন্তিম তাৰিখ কেতিয়া?
এই বিকল্প সেৱাৰ সুবিধা লাভ কৰিবলৈ সংশ্লিষ্ট সদস্যসকলে ৩০ নৱেম্বৰ ২০২৩ৰ ভিতৰত আৱেদন কৰিব পাৰিব। এই নিৰ্দেশনাৰ অন্তৰ্গত যিসকল চাকৰিয়ালে এই সুবিধা লাভ কৰিব তেওঁলোকে অনতিপলমেই আৱেদন জনাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ