অসম লাইভ ২৪ঃ ভাৰতত শীঘ্ৰে প্ৰদান কৰা হ’ব ক’ৰোনা প্ৰতিষেধক। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ঘোষণা কৰিছে এই কথা। ক’ৰোনা কালৰ আটাইতকৈ ভয় লগা দিনবোৰ শেষ হোৱা বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ক’ভিড ১৯ প্ৰতিষেধক তৈয়াৰৰ ক্ষেত্ৰত ভাৰত কোনো কাৰণতে আন দেশতকৈ পিছ পৰি নাই থকা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। জানুৱাৰী মাহত কোনোবা এটা দিনৰ পৰা দেশবাসীক ক’ৰোনা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ সৈতে আলোচনা কৰি জিলা আৰু ব্লক পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ আঁচনি যুগুত কৰিছে। প্ৰথম পৰ্যায়ত ৩০ কোটি লোকক ক’ৰোনা ভেকচিন প্ৰদান কৰা হ’ব। এক কোটি স্বাস্থ্যকৰ্মী, ২ কোটি ক’ৰোনা যুদ্ধৰ সন্মুখৰ যোদ্ধা, ৫০ বছৰৰ উর্দ্ধৰ ২৬ কোটি লোক আৰু ৫০ বছৰৰ কম বয়সৰ এক কোটি লোকক প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ