অসম লাইভ২৪ঃ সমগ্ৰ দেশজুৰি অনলাইন লেনদেন বাঢ়িলেও আমাক নগদ বা কেছ টকাৰ প্ৰয়োজন হয়েই। সেই ক্ষেত্ৰত আমি এটিএমৰ পৰাই নগদ ধন উঠাও। এইক্ষেত্ৰত এটিএমৰ পৰা যদি কেতিয়াবা জালনোট বাহিৰ হয় তেন্তে কি কৰিব? ৫০০ টকাৰ জাল নোট লৈ যদি আপুনি বেংকলৈ যায় তেন্তে বিভিন্ন সমস্যাইয়ো দেখা দিয়ে। এটিএমৰ পৰা জালনোট বাহিৰ হ’লে এইকেইটা নিয়ম মানি আপুনি ৰিটাৰ্ণ কৰিব।
প্রথমেই আপুনি সেই নোটৰ ছবি তুলি ৰাখক।
তাৰপিছতেই এটিএমৰ চিচিটিভি কেমেৰাৰ সন্মুখত নোটখন দাঙি ধৰক।
কেমেৰাত সেই ভিজুৱেল আৱদ্ধ হৈ থাকিব।
এটিএমৰ কৰ্মচাৰী থাকিলে বিষয়টো তেওঁক জনাওক।
ইয়াৰ পাছতেই নোটখন লৈ বেংকলৈ যাওক।
বেংক অধিকাৰীক আপোনাৰ সমস্যা সম্পৰ্কে জনাওক।
ইয়াৰপাছতেই বেংকৰ এখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব। সেই ফৰ্ম ফিল আপ কৰি এটি এমৰ স্লিপ আৰু জালনোট বেংকত জমা দিব। বেংকে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাধ্যমেৰে জাল নোট পৰীক্ষা কৰে। তাৰপিছতেই আপোনাক নতুন নোট প্ৰদান কৰিব বেংকে। যদি বেছি পৰিমানে জালনোট আপোনাৰ হাতলৈ আহিলে সেই জাল নোট ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত জমা দিব লাগিব। আৰ বি আইৰ তদন্ত হোৱাৰ পাছতেই জাল নোটৰ সলনি আপোনাক নতুন নোট প্ৰদান কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ