• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলতুল বৰুৱাক সোঁৱৰণ

তুলতুল বৰুৱাক সোঁৱৰণ

5 years ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

12 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

53 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

1 hour ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তুলতুল বৰুৱাক সোঁৱৰণ

editor by editor
December 21, 2020
in অসম
0
তুলতুল বৰুৱাক সোঁৱৰণ
0
SHARES
738
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তিনিগৰাকী বন্ধু। তিনিওৰে জন্ম ১৯৩২ চনত। ডঃ লক্ষ্মী নন্দন বৰা, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু তুলতুল বৰুৱা। তিনিও কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ এম এছ চি। তিনিওৰে অসমীয়া ভাষা আৰু সংস্কৃতিলৈ অৱদান অনন্য।

সৌভাগ্যক্ৰমে তিনিওগৰাকী কৃতবিদ্য অসমীয়াৰ সৈতে ব্যক্তিগত জীৱনত মোৰ মধুৰ সম্পৰ্ক আছিল আৰু আছে। ইয়াৰে তুলতুল বৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ মই চুবুৰীয়া বুলিয়ে ক’ব পাৰি।

১৯৯২ চনত ‘অগ্ৰদূত’ত যোগ দি বশিষ্ঠপুৰ এক নং উপপথৰ জনৈক বৰ্মনৰ যিটো ভাড়াঘৰত আছিলোঁ সেই ঘৰটো আৰু তুলতুল বাইদেউৰ ঘৰটোৰ মাজত আছিল এটা ঘৰ। মাজত থকা ঘৰটো হ’ল বৰ্তমান অসম পুলিচৰ এডিচনেল এছপি মণ্টু ঠাকুৰীয়াৰ ।মণ্টু ঠাকুৰীয়াৰ ঘৰৰ চোতালেৰে বাইদেউৰ ঘৰলৈ কেতিয়াবা পুৱা আৰু কেতিয়াবা আবেলি মুঠতে সদায় গৈছিলোঁ।

‘অগ্ৰদূত’ হাউছৰ পৰা প্ৰকাশিত মহিলা বিষয়ক পষেকীয়া আলোচনী ‘শ্ৰীময়ী’ৰ সম্পাদকৰ দায়িত্বত যেতিয়া হেমন্ত বৰ্মন আছিল তেতিয়া মোৰ আগ্ৰহতে বাইদেৱে ‘মোৰ সাংবাদিক জীৱন’ শীৰ্ষক এলানি প্ৰবন্ধ লিখিছিল। লেখাটো মই সদায় লৈ আহিছিলোঁ আৰু প্ৰকাশ পোৱাৰ পাছত ‘শ্ৰীময়ী’খনো ময়েই তেখেতক দি আহিছিলোঁগৈ। একে সময়তে ‘শ্ৰীময়ী’ত নিৰুপমা বৰগোহাঞিৰ আত্মজীৱনী সদৃশ লেখা ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’ প্ৰকাশ পাইছিল। নিৰুপমা বাইদেউৰ এইলানি লেখা পাছলৈ কিতাপ আকাৰে প্ৰকাশ পাইছিল যদিও তুলতুল বাইদেউৰ ‘মোৰ সাংবাদিক জীৱন’ কিতাপ আকাৰে প্ৰকাশ নাপালে। কিছুদিন আগতে বাইদেউক ফোন কৰি এই কিতাপখন প্ৰকাশৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও তেখেতৰ হাতত লেখাবোৰ নথকাত ই সম্ভৱ হৈ নুঠিল। হোমেন বৰগোহাঞি সম্পাদিত ‘নীলাচল’ৰ পাতত এগৰাকী শিক্ষিত অসমীয়া গাভৰুৱে কলেজ, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি বাদ দি জীৱনৰ নিৰাপত্তা নথকা সাংবাদিকতাৰ দৰে বৃত্তি বাচি লৈছিল। সেই সময়ৰ অসমীয়া সাংবাদিকতা আৰু ৰাজনীতিৰ বহু কথা বাইদেৱে ‘শ্ৰীময়ী’ত লিখা প্ৰৱন্ধলানিত আছিল। এয়া অসমৰ এটা সময়ৰ বুৰঞ্জী এতিয়া হেৰাই যোৱাৰ পথত। এইক্ষেত্ৰত পৰিয়ালৰ লোক আগবাঢ়ি আহিলে মই সহায় কৰিবলৈ প্ৰস্তুত।

ডঃ লক্ষ্মী নন্দন বৰা ছাৰে মোক কৈছিল তুলতুল বাইদেউ অতি মেধাৱী ছাত্ৰী আছিল বাবেই সেই যুগত নিউক্লিয়াৰ ফিজিকছত প্ৰথম শ্ৰেণীৰ এম এছ চি হ’ব পাৰিছিল। একেবাৰে প্ৰচাৰ বিমুখ বাইদেৱে গান গাইছিল, অসমীয়া ভাষাৰ ব্যাকৰণ লিখি উলিয়াইছিল।

মুম্বাইত ভূপেন হাজৰিকাক ৭০/৮০ দশকতে ওচৰৰ পৰা পাইছিল। বিখ্যাত ‘ভৰালী ব্ৰাডাৰ্ছ’ৰ পৰিয়ালৰ সদস্য তুলতুল ভৰালী পাছলৈ বৰুৱা অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক হ’বনে নহয়, সেই বিষয়ে হোমেন বৰগোহাঞিয়ে ক’ব পাৰিব।

অকণমান ব্যাক্তিগতঃ  ১৯৯৭ চনৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন মহন্ত চৰকাৰে  চৰকাৰক সমালোচনা কৰি বাতৰি লিখা আৰু এল অ’ চি কেলেংকাৰিৰ বিষয়ে ধাৰাবাহিকভাৱে ‘অগ্ৰদূত’ত প্ৰতিবেদন প্ৰকাশৰ অপৰাধত যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া দিছপুৰ থানাত বাইদেৱে এপেকেট বিস্কুট দি আহিছিল।সেই দুৰ্দিনত বাইদেৱে নিয়মীয়াকৈ মোৰ খৱৰ লৈছিল, যিটো মই আজিও পাহৰা নাই।

হোমেন বৰগোহাঞি সম্পাদিত ‘অসম বাণী’তো তুলতুল বাইদেৱে নিয়মীয়াকৈ লিখিছিল। সম্পাদকৰ লগত থকা সম্পৰ্কৰ বাবে ময়ো সেই সময়ত বৰগোহাঞি সম্পাদিত ‘অসম বাণী’ত ছদ্ম নামত প্ৰথম পৃষ্ঠাত এটা কেতিয়াবা দুটাকৈ ৰাজনৈতিক প্ৰৱন্ধ লিখিছিলো। বাইদেউ আৰু মোৰ লেখাকেইটা হোমেন বৰগোহাঞিৰ ব্যাক্তিগত সহায়কাৰী ফকৰুদ্দিনে আমাৰ ঘৰৰ পৰাই লৈ গৈছিলহি।

নিজৰ প্ৰচাৰ নচলোৱাৰ বাবে এগৰাকী বিদূষী মহিলা তুলতুল বৰুৱাই জীৱিতকালত উপযুক্ত স্বীকৃতি নোপোৱাৰ দুখ এটা আমাৰ থাকি গ’ল! আজি বাইদেউৰ মৃত্যুৱে অসমৰ সাংবাদিকতাৰ এটা যুগৰো অন্ত পেলালে! নতুন প্ৰজন্মৰ বহু সাংবাদিকে বাইদেউক জনাৰ সুযোগেই নাপালে।

জিতুমণি বৰা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tultul baruah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
Next Post
ছ’চিয়েল মিডিয়াত একুৰা যৌৱনৰ জুই

ছ’চিয়েল মিডিয়াত একুৰা যৌৱনৰ জুই

AJPৰ পৰা কোনে ক’ত বিচাৰিছে প্ৰার্থিত্ব?

AJPৰ পৰা কোনে ক’ত বিচাৰিছে প্ৰার্থিত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.