অসম লাইভ ২৪ঃ তিনিগৰাকী বন্ধু। তিনিওৰে জন্ম ১৯৩২ চনত। ডঃ লক্ষ্মী নন্দন বৰা, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু তুলতুল বৰুৱা। তিনিও কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ এম এছ চি। তিনিওৰে অসমীয়া ভাষা আৰু সংস্কৃতিলৈ অৱদান অনন্য।
সৌভাগ্যক্ৰমে তিনিওগৰাকী কৃতবিদ্য অসমীয়াৰ সৈতে ব্যক্তিগত জীৱনত মোৰ মধুৰ সম্পৰ্ক আছিল আৰু আছে। ইয়াৰে তুলতুল বৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ মই চুবুৰীয়া বুলিয়ে ক’ব পাৰি।
১৯৯২ চনত ‘অগ্ৰদূত’ত যোগ দি বশিষ্ঠপুৰ এক নং উপপথৰ জনৈক বৰ্মনৰ যিটো ভাড়াঘৰত আছিলোঁ সেই ঘৰটো আৰু তুলতুল বাইদেউৰ ঘৰটোৰ মাজত আছিল এটা ঘৰ। মাজত থকা ঘৰটো হ’ল বৰ্তমান অসম পুলিচৰ এডিচনেল এছপি মণ্টু ঠাকুৰীয়াৰ ।মণ্টু ঠাকুৰীয়াৰ ঘৰৰ চোতালেৰে বাইদেউৰ ঘৰলৈ কেতিয়াবা পুৱা আৰু কেতিয়াবা আবেলি মুঠতে সদায় গৈছিলোঁ।
‘অগ্ৰদূত’ হাউছৰ পৰা প্ৰকাশিত মহিলা বিষয়ক পষেকীয়া আলোচনী ‘শ্ৰীময়ী’ৰ সম্পাদকৰ দায়িত্বত যেতিয়া হেমন্ত বৰ্মন আছিল তেতিয়া মোৰ আগ্ৰহতে বাইদেৱে ‘মোৰ সাংবাদিক জীৱন’ শীৰ্ষক এলানি প্ৰবন্ধ লিখিছিল। লেখাটো মই সদায় লৈ আহিছিলোঁ আৰু প্ৰকাশ পোৱাৰ পাছত ‘শ্ৰীময়ী’খনো ময়েই তেখেতক দি আহিছিলোঁগৈ। একে সময়তে ‘শ্ৰীময়ী’ত নিৰুপমা বৰগোহাঞিৰ আত্মজীৱনী সদৃশ লেখা ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’ প্ৰকাশ পাইছিল। নিৰুপমা বাইদেউৰ এইলানি লেখা পাছলৈ কিতাপ আকাৰে প্ৰকাশ পাইছিল যদিও তুলতুল বাইদেউৰ ‘মোৰ সাংবাদিক জীৱন’ কিতাপ আকাৰে প্ৰকাশ নাপালে। কিছুদিন আগতে বাইদেউক ফোন কৰি এই কিতাপখন প্ৰকাশৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও তেখেতৰ হাতত লেখাবোৰ নথকাত ই সম্ভৱ হৈ নুঠিল। হোমেন বৰগোহাঞি সম্পাদিত ‘নীলাচল’ৰ পাতত এগৰাকী শিক্ষিত অসমীয়া গাভৰুৱে কলেজ, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি বাদ দি জীৱনৰ নিৰাপত্তা নথকা সাংবাদিকতাৰ দৰে বৃত্তি বাচি লৈছিল। সেই সময়ৰ অসমীয়া সাংবাদিকতা আৰু ৰাজনীতিৰ বহু কথা বাইদেৱে ‘শ্ৰীময়ী’ত লিখা প্ৰৱন্ধলানিত আছিল। এয়া অসমৰ এটা সময়ৰ বুৰঞ্জী এতিয়া হেৰাই যোৱাৰ পথত। এইক্ষেত্ৰত পৰিয়ালৰ লোক আগবাঢ়ি আহিলে মই সহায় কৰিবলৈ প্ৰস্তুত।
ডঃ লক্ষ্মী নন্দন বৰা ছাৰে মোক কৈছিল তুলতুল বাইদেউ অতি মেধাৱী ছাত্ৰী আছিল বাবেই সেই যুগত নিউক্লিয়াৰ ফিজিকছত প্ৰথম শ্ৰেণীৰ এম এছ চি হ’ব পাৰিছিল। একেবাৰে প্ৰচাৰ বিমুখ বাইদেৱে গান গাইছিল, অসমীয়া ভাষাৰ ব্যাকৰণ লিখি উলিয়াইছিল।
মুম্বাইত ভূপেন হাজৰিকাক ৭০/৮০ দশকতে ওচৰৰ পৰা পাইছিল। বিখ্যাত ‘ভৰালী ব্ৰাডাৰ্ছ’ৰ পৰিয়ালৰ সদস্য তুলতুল ভৰালী পাছলৈ বৰুৱা অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক হ’বনে নহয়, সেই বিষয়ে হোমেন বৰগোহাঞিয়ে ক’ব পাৰিব।
অকণমান ব্যাক্তিগতঃ ১৯৯৭ চনৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন মহন্ত চৰকাৰে চৰকাৰক সমালোচনা কৰি বাতৰি লিখা আৰু এল অ’ চি কেলেংকাৰিৰ বিষয়ে ধাৰাবাহিকভাৱে ‘অগ্ৰদূত’ত প্ৰতিবেদন প্ৰকাশৰ অপৰাধত যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া দিছপুৰ থানাত বাইদেৱে এপেকেট বিস্কুট দি আহিছিল।সেই দুৰ্দিনত বাইদেৱে নিয়মীয়াকৈ মোৰ খৱৰ লৈছিল, যিটো মই আজিও পাহৰা নাই।
হোমেন বৰগোহাঞি সম্পাদিত ‘অসম বাণী’তো তুলতুল বাইদেৱে নিয়মীয়াকৈ লিখিছিল। সম্পাদকৰ লগত থকা সম্পৰ্কৰ বাবে ময়ো সেই সময়ত বৰগোহাঞি সম্পাদিত ‘অসম বাণী’ত ছদ্ম নামত প্ৰথম পৃষ্ঠাত এটা কেতিয়াবা দুটাকৈ ৰাজনৈতিক প্ৰৱন্ধ লিখিছিলো। বাইদেউ আৰু মোৰ লেখাকেইটা হোমেন বৰগোহাঞিৰ ব্যাক্তিগত সহায়কাৰী ফকৰুদ্দিনে আমাৰ ঘৰৰ পৰাই লৈ গৈছিলহি।
নিজৰ প্ৰচাৰ নচলোৱাৰ বাবে এগৰাকী বিদূষী মহিলা তুলতুল বৰুৱাই জীৱিতকালত উপযুক্ত স্বীকৃতি নোপোৱাৰ দুখ এটা আমাৰ থাকি গ’ল! আজি বাইদেউৰ মৃত্যুৱে অসমৰ সাংবাদিকতাৰ এটা যুগৰো অন্ত পেলালে! নতুন প্ৰজন্মৰ বহু সাংবাদিকে বাইদেউক জনাৰ সুযোগেই নাপালে।
জিতুমণি বৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ