অসম লাইভ২৪ঃ
জুবিনক ভাল পোৱা এজন বিশেষ লোক৷
জুবিনৰ ছবি অংকন কৰি টি-চাৰ্ট পিন্ধিছে হিতেশ নাথ নামৰ লোকজনে৷
লক্ষ্য জুবিনৰ গুৱাহাটীৰ বাসগৃহ৷
গোৱালপাৰাৰ পশ্চিম মাটিয়াৰ ডুমনিৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে জুবিনৰ অনুৰাগীজনে৷
প্ৰায় ১৪০ কিলোমিটাৰ খোজকাঢ়ি ৪ দিনৰ মূৰত উপস্থিত হ’ব জুবিনৰ বাসগৃহত৷
জুবিনক ভগৱান বুলি ভবা হিতেশে কোনোদিনে লগ পোৱা নাই জনপ্ৰিয় শিল্পীগৰাকীক৷
সেয়েহে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে হিতেশ নাথে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ