অসম লাইভ ২৪ঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সদ্য মুক্তিপ্ৰাপ্ত মেহবুবা মুফটিয়ে এক বিতৰ্কিত মন্তব্য কৰিছে। জম্মু-কাশ্মীৰৰ পতাকা ঘূৰাই নোপোৱাপৰ্যন্ত জাতীয় পতাকা উত্তোলন কৰা নহ’ব বুলি কয় মেহবুবা মুফটিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলাইছে। আনহাতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিনিত জিন্দালে মেহবুবাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সন্মান আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ ১২১, ১৫১, ১৫৩ (A), ২৯৫, ২৯৮, ৫০৪, ৫০৫ ধাৰাত গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি বিভিন্ন পৰ্যায়ত চলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















