• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

3 years ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

16 minutes ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

41 minutes ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

1 hour ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

18 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

19 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

19 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

20 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

20 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

21 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

22 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

23 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

editor by editor
July 12, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?
0
SHARES
422
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাছিয়াৰ তেলৰ অন্যতম ক্ৰেতা হৈছে ভাৰত। দীৰ্ঘ দিন ধৰি ৰাছিয়া আৰু ভাৰতৰ মাজত তেলৰ লেনদেন আছে। সময়ৰ সৈতে তেলৰ কিনা-বেচা আৰু বৃদ্ধি পাইছে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন আক্ৰমণ কৰিছিল ৰাছিয়াই। যুদ্ধৰ পাছতেই ভাৰতত ৰাছিয়াৰ তেলৰ বিক্ৰি আৰু বৃদ্ধি পাইছে। যুদ্ধৰ কাৰণে আন্তৰ্জাতিক মহলত নানান ধৰণে সমালোচিতও হৈছে পুটিনৰ দেশ। কিন্তু ৰাছিয়াই কোনো কাৰণতে যুদ্ধত পিছুৱাই আহিব খোজা নাই। আমেৰিকাসহ পশ্চিমি দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ লৈছে। ৰাছিয়াৰ ওপৰত একাধিক বাণিজ্যিক নিষেধাজ্ঞাও আৰোপ কৰিছে। আমেৰিকা আৰু ইউৰোপৰ একাধিক দেশে ৰাছিয়াৰ পৰা তেলৰ আমদানিও বন্ধ কৰি দিছিল। যুদ্ধৰ বাবেই ব্যৱসায়িকভাৱে ক্ষতিগ্ৰস্থ হৈছে মস্কো। বহু দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক নৰখাৰ সময়তে ভাৰতে কিন্তু লগ এৰা নাই পুটিনৰ। যুদ্ধৰ ভয়াৱহতাৰ মাজতো ৰাছিয়াৰ সৈতে তেলৰ আমদানি ভাৰতে বন্ধ কৰা নাই।

ৰাছিয়াৰ তেল বিক্ৰিৰ ক্ষেত্ৰত পশ্চিমৰ দেশসমূহে বাধা দিয়াৰ সময়তে প্ৰতি বেৰেলত ৬০ডলাৰকৈ, ভাৰতীয় মুদ্ৰাত ৪,৯৪২টকাত ভাৰত তেল বিক্ৰি কৰিছিল মস্কোৱে। ফলত তেল ক্ৰয়ত পূৰ্বতকৈ কম ধন ব্যয় হৈছিল ভাৰতৰ। ৰাছিয়াই ভাৰতৰ তেল বিক্ৰিত বিশেষ ৰেহাই দিয়াৰ বাবেই ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাৰ পৰিমান বৃদ্ধিও কৰিছিল। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰত।

ইউক্ৰেইনৰ যুদ্ধৰ পূৰ্বে ৰাছিয়াৰ পাৰ ভাৰতে ক্ৰয় কৰা তেলৰ পৰিমান আছিল মুঠ ক্ৰয়ৰ দুই শতাংশ। বিশেষ ৰেহাই লাভ কৰিয়েই যুদ্ধৰ পৰা এই ক্ৰয়ৰ পৰিমান ভাৰতে বৃদ্ধি কৰিছে। বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰাই ৪৪শতাংশ তেল আমদানী কৰে। ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পূৰ্বে ভাৰতে ৰাছিয়াৰ পৰা এদিনত ৪৪,৫০০ বেৰেল ক্ৰুইড অইল ক্ৰয় কৰিছিল। পাছলৈ এই আমদানীৰ পৰিমান বহুপৰিমানে বৃদ্ধি পাইছে। কিন্তু শেহতীয়াভাৱে ৰাছিয়াই ভাৰতক দি থকা ৰেহাইৰ পৰিমান কমাইছে। ৰাছিয়াই লোৱা এই সিদ্ধান্তৰ পাছতেই ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ বেছি ধনৰ প্ৰয়োজন হৈছে।

বিগত বৰ্ষৰ শেষৰভাগৰ পৰা ৰাছিয়াই ভাৰতক প্ৰতি বেৰেলত ৩০ডলাৰকৈ অৰ্থাৎ ২,৪৭১ টকাতেই তেল প্ৰদান কৰিছিল। সম্প্ৰতি এই ৰেহাইৰ পৰিমান ৰাছিয়াই কমাই দিছে পূৰ্বতকৈ ৰেহাই ৪ডলাৰ অৰ্থাৎ ৩২৯ টকা কমাইছে ৰাছিয়াই। ৰাছিয়াৰ পৰা তেল আমদানীৰ ক্ষেত্ৰত পৰিবহনতেই যিহেতু বহু ধন খৰচ হয় সেয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত চিন্তাত পৰিছে ভাৰত। হঠাতেই পুটিনে কিয় ৰেহাইৰ পৰিমান কমাই দিলে? বহুতেই ইয়াৰ বাবে ভাৰতীয় তেল কোম্পানীসমূহৰ কিছু অদূৰদৰ্শী পদক্ষেপ বুলি দাবী কৰিছে।

ইণ্ডিয়ান অইল, হিন্দুস্তান পেট্ৰোলিয়াম, ভাৰত পেট্ৰোলিয়াম, মেঙ্গালুৰু ৰিফাইনাৰী এণ্ড পেট্ৰোকেমিকেলছৰ দৰে চৰকাৰৰ নিয়ন্ত্ৰণাধীন সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰি, নায়ৰা এনাৰ্জী লিমিটেডৰ দৰে বেচৰকাৰী সংস্থাসমূহে ৰাছিয়াৰ পাৰ তেল ক্ৰয় কৰে। এই সংস্থাসমূহে পৃথক পৃথকভাৱে ৰাছিয়াৰ সৈতে তেল কিনাৰ বাবে যোগাযোগ কৰিছে। তেওঁলোকৰ সৈতে নানান চুক্তিও হৈছে। ভাৰতীয় সংস্থাসমূহ একগোট হৈ তেল ক্ৰয় কৰিলে ৰাছিয়াই এইদৰে ৰেহাইৰ হাৰ নকমালেহেতেন বুলি দাবী কৰিছে একাংশই।

যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰাছিয়াৰ বিৰুদ্ধে পশ্চিমৰ দেশসমূহে জাৰি কৰা নিষেধাজ্ঞাৰ পাছতেই ৰাছিয়াৰ বাণিজ্য একেবাৰেই বেয়া হৈছিল কিন্তু শেহতীয়াকৈ ৰাছিয়া বাণিজ্যিকভাৱে আগবাঢ়িছে। তেলৰ বাণিজ্যত এতিয়া তেওঁলোকৰ বিশেষ প্ৰভাৱো পৰা নাই। সেয়ে অপৰিশোধিত তেলত ভাৰতক আৰু ৰেহাই দিবলৈ আগ্ৰহী নহয় ৰাছিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’
ভাৰত

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

October 11, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
Next Post
কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.