অসম লাইভ ২৪ঃ ক’ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰক লৈ কৰা গাফিলতিয়ে তোলপাৰ লগাইছে দেশ। এই গাফিলতিৰ অভিযোগ বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপিত হৈছে। অসন্তোষ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। এনে ক্ষোভ-অসন্তুষ্টিৰ মাজতেই এখন ভিডিঅ’ ভাইৰেল হৈছে। ভাইৰেল হোৱা ছবিখনত দেখা গৈছে ৰাজহুৱা শ্মশানৰ চিতাত এজন ক’ভিডত মৃত্যু হোৱা লোকৰ এখন আধাপোৰা মৃতদেহ। লাহে লাহে জুই নুমাইছে। চিতাৰ পৰা এজাক কুকুৰে আধাপোৰা মৃতদেহটো ঘেৰি ধৰিছে। তাৰ পাছত মৃতদেহৰ বিভিন্ন অংশ যেনেকৈ পাৰে তেনেকৈ দূৰলৈ নিবলৈ যত্ন কৰিছে। দুই এটাই ঠাইতে তাতেই বিভিন্ন অংগ চোবাই খোৱা দেখা গৈছে ভাইৰেল হোৱা ভিডিঅ’টিত। ভাইৰেল হোৱা ফটোখন হ’ল হায়দৰাবাদৰ এখন শ্মশানৰ। ইতিমধ্যে জিলা প্ৰশাসন শ্মশানখনৰ নিকটৱৰ্তী লোকসকলৰ ক্ষোভৰ সন্মুখীন হৈছে। মৃতদেহ সৎকাৰ কৰাত প্ৰশাসনে কিয় অৱহেলা কৰিছে তাক লৈ প্ৰশ্ন কৰিছে সচেতন লোকসকলে। অকল সেয়াই নহয়, ক’ভিডত মৃত লোকক লৈ প্ৰশাসনে দেখুওৱা এনে অমানৱীয় আচৰণক জনগণে ৰাজ্যজুৰি ধিক্কাৰ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ