অসম লাইভঃ চিকিৎসকৰ গাফিলতি শেষ নহ’বই নেকি ৰাজ্যত। কৰ্তব্য এৰি চিকিৎসক নামাজ পঢ়িবলৈ যোৱাৰ বাবেই পুনৰ প্ৰাণ গ’ল টীয়কৰ এজন ৰোগীৰ।
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপৰ জীয়া ছবি পুনৰ পৰিস্ফুত হৈছে টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰষা টীয়ক FRU ত। শুকুৰবাৰে বিয়লি উচ্চ ৰক্তচাপত অচেতন হৈ পৰা টীয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ লোকজনক জৰুৰীকালীন অৱস্থাত টীয়ক FRU-ত লৈ আনিছিল পৰিয়ালে। নাৰায়ণ হাজৰিকাক চিকিৎসালয়লৈ অনাৰ সময়তে কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ নামাজ পঢ়িবলৈ গৈছিল।
ৰোগীৰ আত্মীয়ই অনা অভিযোগ অনুসৰি চিকিৎসক নাপাই কৰ্মৰত নাৰ্চৰ পৰা সহায় বিচাৰিছিল নাৰায়ন হাজৰিকাৰ আত্মীয়ই। নাৰ্চগৰাকীয়ে কোনো ধৰণৰ সহায় কৰাৰ বিপৰীতে ৰোগীৰ আত্মীয়ক চিকিৎসক নামাজ পঢ়িবলৈ গ’ল বুলিহে জনায়। চিকিৎসকক নাপায় আত্মীয়ই নাৰায়ণ হাজৰিকাক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও নিয়াৰ পথতেই মৃত্যুক সাবটে হাজৰিকাই।
উল্লেখ্য যে, চিকিৎসকজনে পূৰ্বেও চিকিৎসালয়ত ৰোগী এৰি নামাজ পঢ়িবলৈ যোৱাৰ অভিযোগ আনিছে বহুকেইগৰাকী ৰোগীয়েই। কৰ্তব্যৰত অৱস্থাত ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ নামাজ পঢ়িবলৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক চালাহউদ্দিন আহমেদৰ বিৰুদ্ধে। ইপিনে টীয়ক FRU-ৰ অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসক চালাহউদ্দিন আহমেদে কৰ্মৰত অৱস্থাত নামাজলৈ যোৱা সম্পৰ্কে তেওঁ জ্ঞাত নহয়। পুনৰ যাতে কৰ্মৰত সময়ত এনে ভুল নহয় তাৰ বাবে সকিয়নী প্ৰদান কৰে অধীক্ষকগৰাকীয়ে। টীয়কৰ দৰে বৃহৎ অঞ্চলৰ একমাত্ৰ ভৰষা উক্ত চিকিৎসালয়খনত এখন এম্বুলেঞ্চো নথকাৰ কথা প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ