অসম লাইভ২৪ঃ আজি লক্ষ্মী পূজা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰায় প্ৰত্যেকঘৰ লোকেই লক্ষ্মীক আৰাধনা কৰে। লক্ষ্মী দেৱীক ধন-সম্পদ প্ৰতীকৰূপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ কৃপা থাকিলেহে ঘৰত অভাৱ-অনাটনে দেখা নিদিয়ে। লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি পাবৰ বাবে কেনেধৰণে আৰাধনা কৰিব লাগে সেই সম্পৰ্কেও জ্যোতিষশাস্ত্ৰত বহুকেইটা উপাচাৰ আছে। সঠিকভাৱে এই নিয়ম পালন কৰিলেহে লক্ষ্মীদেৱী সন্তুষ্ট হয় বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে।
জ্যোতিষশাস্ত্ৰত উল্লেখ থকা অনুযায়ী লক্ষ্মী পূজাৰ দিনটোত ৰঙা শলিতা দি এটা ঘিউৰ চাকি জ্বলোৱাটো গুৰুত্বপূৰ্ণ। লক্ষ্মীৰ প্ৰতিমাৰ সন্মুখত এই চাকি জ্বলাব লাগে। এই দিনটোত লক্ষ্মীদেৱীৰ ফটো বা প্ৰতিমাৰ কাষত শঙ্খ ৰখাটো নিতান্তই প্ৰয়োজন। লক্ষ্মী পূৰ্ণিমাৰ দিনটোত ৰঙা ৰঙৰ আসনত বহি হে পূজা বা জপ কৰিব লাগে। ১০৮ বাৰ মন্ত্ৰ জপ কৰাৰ আৱশ্যকতা আছে। পূজাৰ শেষত উপকৰণসমূহ এখন হালধীয়া ৰঙৰ কাপোৰত নুৰিয়াই ধন-সম্ভাৰ থোৱা স্থানত থব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ