অসম লাইভ২৪ঃ কাহিনীৰ দৰে হ’লেও এয়া কাহিনী নহয়৷ অভাৱী পৰিয়াল এটা নিদাৰুণ জীয়া ছবি এয়া৷ সন্তানৰ চিকিৎসা কৰাই সৰ্বস্বান্ত হৈ পৰা পিতৃৰ কাহিনী এয়া৷ উপায়হীন পিতৃয়ে মৃত সন্তানৰ শৱদেহটো আনিবলৈকো অৱশেষত যোগাৰ কৰিব নোৱাৰিলে এখন এম্বুলেঞ্চৰ৷ যাৰবাবে সন্তানৰ মৃতদেহটো বেগত ভৰাই লুকুৱাই লৈ আহিল শিলিগুৰিৰ পৰা কালিয়াগঞ্জৰলৈকে এখন পাব্লিক বাহনত৷ এই ঘটনাক লৈ দিনাজপুৰ জিলাত এতিয়া শোকাকুল পৰিবেশ৷ কালিয়াগঞ্জ বাছষ্টপৰ পৰা অৱশ্যে মৃত শিশুটিক কঢ়িয়াই নিবলৈ এখন এম্বুলেঞ্চ যোগাৰ কৰে স্থানীয় এজন বিজেপি নেতাই৷
কালিয়াগঞ্জৰ মুস্তাফানগৰৰ ডাঙ্গিপাৰাৰ বাসিন্দা অসীম দেৱশৰ্মা পেছাত দিনহাজিৰা কৰা এজন লোক৷ ৫ মাহ পূৰ্বে তেওঁ এহাল যমজ সন্তান জন্ম হয়৷ সম্প্ৰতি ২ টা শিশুৱেই শাৰিৰীকভাৱে অসুস্থ হৈ প্ৰথমে কালিয়াগঞ্জ ষ্টেট জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয়৷ কিন্তু তাত উন্নত চিকিৎসা দিব নোৱাৰাৰ বাবে ৰায়গঞ্জৰ চৰকাৰী হাস্পতাললৈ পঠিয়াই দিয়া হয়৷ তাৰপৰা পুনৰ শিশু দুটিক স্থানান্তৰ কৰা হয় উত্তৰবংগ মেডিকেল কলেজ হাস্পতালত৷ কিন্তু চিকিৎসকে দুটা শিশুক জীয়াই তোলাত অসমৰ্থ হ’ল৷ এটা শিশু সুস্থ হৈ উঠিল আৰু আনটোৰ হাস্পতালতেই মৃত্যু হ’ল৷
মৃত সন্তানটোক লৈ উপায়হীন হৈ পৰিল অসীমৰ পৰিয়াল৷ কিয়নো হাস্পতালৰ পৰা এখন এম্বুলেঞ্চ যোগাৰ কৰিবলৈকো অসীমৰ পৰিয়াল অসমৰ্থ৷ সেয়ে উপায়হীন হৈ পৰিয়ালটোৱে মৃত শিশুটি এটা কাপোৰ ভৰোৱা বেগত ভৰাই লৈ আহে৷ সংবাদমাধ্যমৰ সন্মুখত এই সন্দৰ্ভত অসীমে কয়, ‘এখন হাস্পতালৰ পৰা আনখন হাস্পতাললৈ লৈ যাওঁতে যিমান ধন আছিল সেয়া খৰচ হৈ গ’ল৷ সন্তান দুটিৰ চিকিৎসাৰ বাবদ সকলো ধন খৰচ হোৱাৰ পাছত এম্বুলেঞ্চত দিবলৈ মোৰ হাতত ধন মুঠেও নাছিল৷ দেহ লৈ যোৱাৰ বাবে এখন এম্বুলেঞ্চত খবৰ কৰিলো যদিও ৮ হাজাৰ টকা লাগিব বুলি ক’লে৷ মোৰ সাঁচতীয়া ১৬ হাজাৰ টকা চিকিৎসাৰ নামতেই শেষ হ’ল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ