অসম লাইভ২৪ঃ কোনো এখন দেশৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰে সঞ্চিত বৈদেশিক মুদ্ৰাৰ ওপৰত। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ যিখন দেশত বেছি সেই দেশেই অৰ্থনৈতিকভাৱে শক্তিশালী। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰেই আন্তৰ্জাতিক বজাৰত কোনো এখন দেশৰ দৰ বৃদ্ধি কৰে। এই সঞ্চয়ৰ ভিত্তিতেই নিৰ্ধাৰিত হয় এখন দেশৰ ব্যৱসায়িক প্ৰতিপত্তি। ভাৰতৰ যাৱতীয় বৈদেশিক মুদ্ৰা সঞ্চিত হৈ আছে কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকত। এই সঞ্চয়ৰ উঠানমা প্ৰতিনিয়ত আৰবিআইৰ চৰকাৰী ৱেবচাইটত তুলি ধৰা হয়। আৰবিআইৰ ৱেবচাইটত শেহতীয়াকৈ প্ৰকাশ পোৱা অনুযায়ী বৰ্তমান ভাৰতৰ মুঠ সঞ্চিত বৈদেশিক মুদ্ৰাৰ পৰিমান ৪৮ লাখ ১৮ হাজাৰ ৪৫৭কোটি টকা। যাৰ অধিকাংশই হৈছে ডলাৰ। ডলাৰৰ ওপৰিও বিভিন্ন দেশৰ মুদ্ৰা সঞ্চিত হৈ আছে ভাৰতীয় ৰিজাৰ্ভ বেংকত। কেৱল মুদ্ৰাই নহয়, আৰবিআইত বৈদেশিক মুদ্ৰা হিচাপে সোনো সঞ্চয় কৰা হয়। আৰবিআইৰ পৰিসংখ্যা অনুযায়ী, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ এইপৰ্যন্ত আছে ৭৯৪.৬৪ মেট্ৰিক টন। বিগত বৰ্ষৰ তুলনাত এইবাৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ পৰিমান ৫ শতাংশ বৃদ্ধি পাইছে। ২০২১-২২ বৰ্ষৰ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ পৰিমান আছিল ৭৬০.৪২ মেট্ৰিক টন। পৰিকল্পনামতেই ৰিজাৰ্ভ বেংকে সোনৰ সঞ্চয়ৰ পৰিমান বৃদ্ধি কৰিছে। কেৱল ভাৰততেই নহয় সোন সঞ্চয়ৰ এই নীতি একাধিক দেশতেই আছে। স্বৰ্ণসঞ্চয়ত ভাৰতেই সেয়ে বিশেষভাৱে জোৰ দিছে। ডলাৰতকৈ সোন সঞ্চয় অধিক নিৰাপদ জ্ঞান কৰিছে ৰিজাৰ্ভ বেংকে।
বৰ্তমান ডলাৰ প্ৰায় দেশতেই এলাগী হোৱাৰ আঁৰত আছে আমেৰিকাৰ বিভিন্ন নীতি। আমেৰিকাই হঠাতেই যদি কোনো দেশৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰে তেন্তে সেই দেশৰ হাতত সঞ্চিত ডলাৰ অৰ্থহীন হৈ পৰিব। কুটনৈতিক সম্পৰ্কত অকণমান হেৰফেৰ হ’লেই ডলাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। ডলাৰ যিহেতু আমেৰিকাৰ হাততেই সেয়ে ইচ্ছা কৰিলেই ডলাৰৰ মূল্য ইচ্ছা কৰিয়েই সালসলনিও কৰিব পাৰে। ফলত বিগত কেইবাবছৰ ধৰি ডলাৰক লৈ অনিশ্চয়তাই দেখা দিছে। এই দিশসমূহৰ বাবেই ডলাৰৰ পৰিবৰ্তে সোন সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰোপৰি সোণ সঞ্চয় কৰাৰ আৰু এক লাভ হৈছে মুদ্ৰাৰ দামৰ ওপৰত সোণৰ মূল্য নিৰ্ভৰ নকৰে। আন্তৰ্জাতিক বজাৰত চাহিদা আৰু আৰু যোগানৰ ওপৰত সোনৰ মূল্য নিৰ্ভৰ কৰে। দামৰ উঠা নমাও সেই অনুসৰিয়েই হয়। আৰবিআইৰ ওচৰত সঞ্চিত হৈ থকা ৮০০ টন সোনৰ মূল্য ৩৪ লাখ ৭৩ হাজাৰ ৬৪৮ কোটি টকা। সোনৰ সঞ্চয় আৰু বৃদ্ধি আৰু বঢ়াব খুজিছে কেন্দ্ৰীয় বেংকে। ২০২২-২৩ বৰ্ষত আৰবিআইয়ে মুঠ ৩৪.২২ টন সোন। ইয়াৰ পূৰ্বেও ২০২১-২২ বৰ্ষত ৬৫.১১ টন সোন কিনিছে ৰিজাৰ্ভ বেংকে।
উল্লেখ্য ভাৰতীয় ৰিজাৰ্ভ বেংকে সঞ্চয় কৰা সোণ ইংলেণ্ড আৰু ছুইজাৰলেণ্ড বেংক অৱ ইণ্টাৰনেছনেল ছেটেলমেণ্টত সংগৃহীত হৈ আছে। আৰবিআইয়ে সঞ্চয় কৰা মুঠ সোণৰ ৩০১.১০ টন ভাৰততেই আছে। ভাৰতৰ বিভিন্ন বেংকত এই সোণ জমা কৰি ৰাখিছে কেন্দ্ৰীয় বেংকে। ইয়াৰোপৰি এক পৰিসংখ্যাই কোৱা অনুসৰি ২০০২ চনৰ পৰা ২০১৯ চনলৈ চীনেও বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত মুঠ ১ হাজাৰ ৪৪৮ টন সোণ সঞ্চয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ