• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

3 weeks ago
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

21 minutes ago
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

52 minutes ago
চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

2 hours ago
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

2 hours ago
২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

3 hours ago
আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

3 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

15 hours ago
শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

15 hours ago
অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

15 hours ago
ছাল-চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আমলখিয়ে! বাঢ়িব ৰোগ প্ৰতিৰোধ ক্ষমতা

ছাল-চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আমলখিয়ে! বাঢ়িব ৰোগ প্ৰতিৰোধ ক্ষমতা

16 hours ago
‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

17 hours ago
সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

জানক কেনে যাব আজি আপোনাৰ দিনটো

editor by editor
November 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
এই ৩ ৰাশিৰ আজি লাভেই লাভ!
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ নৱেম্বৰ, শনিবাৰে গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ভিত্তিত দিনটো ১২টা ৰাশিৰ লোকৰ বাবে বিভিন্ন ধৰণৰ ফলাফল কঢ়িয়াই আনিব। আজি কাৰ্তিক কৃষ্ণ ত্ৰয়োদশী আৰু চতুৰ্দশীৰ সংমিশ্ৰণ ঘটিছে। চন্দ্ৰই চিত্ৰা নক্ষত্ৰৰ পৰা কন্যা ৰাশিলৈ আৰু তাৰ পিছত তুলা ৰাশিলৈ গতি কৰিব। দিনটোৰ বিভিন্ন সময়ত চন্দ্ৰ আৰু শুক্ৰৰ সংযোগ, সূৰ্য-চন্দ্ৰ-বুধৰ ত্ৰিগ্ৰহ যোগ তথা বুধাদিত্য যোগৰ প্ৰভাৱ দেখা যাব। গ্ৰহ-নক্ষত্ৰৰ এই বিশেষ অৱস্থাই কন্যা, তুলা আৰু মীন ৰাশিৰ লোকৰ বাবে আৰ্থিক লাভ, কৰ্মক্ষেত্ৰত সফলতা আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা সৃষ্টি কৰিব। আনহাতে, কিছুমান ৰাশিৰ লোকে স্বাস্থ্য, খৰচ আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব।

মেষ ৰাশি (Aries)

মেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো আৰম্ভণিতে কিছু ব্যস্ততাপূৰ্ণ হ’ব পাৰে। কামৰ চাপ থাকিলেও সন্ধিয়া আৰু নিশাৰ সময়ছোৱা আনন্দদায়ক হোৱাৰ সম্ভাৱনা আছে। ঘৰতে কোনো শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ওচৰ-চুবুৰীয়াৰ পৰা সহায় লাভ কৰিব। বিৱাহিত জীৱনত সুখ-শান্তি বজাই থাকিব। পত্নীৰ সৈতে ৰোমাণ্টিক সময় কটোৱাৰ সুযোগ পাব। কোনো বিশেষ উপহাৰ লাভ কৰি মন আনন্দিত হ’ব পাৰে।

বৃষ ৰাশি (Taurus)

বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ খবৰেৰে আৰম্ভ হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম, আন্তৰিকতা আৰু সম্প্ৰীতি বজাই থাকিব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনাও আছে। কিন্তু সন্ধিয়া আৰু নিশাৰ সময়ছোৱাত নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব। কোনো কথাক লৈ আনৰ সৈতে কাজিয়া বা তৰ্কত লিপ্ত নহ’ব। সম্পৰ্কৰ ক্ষেত্ৰত সংযম বজাই ৰাখিলে সম্ভাৱ্য সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব।

মিথুন ৰাশি (Gemini)

মিথুন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো পাৰিবাৰিক সুখেৰে ভৰা হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। আৰ্থিক বিষয়ত সাৱধানতা অৱলম্বন কৰিব আৰু অপ্ৰয়োজনীয় খৰচ কমাবলৈ চেষ্টা কৰিব। দিনটোৰ প্ৰথম ভাগ কিছু ধীৰগতিৰে পাৰ হ’ব পাৰে। কাম-কাজ আৰু দায়িত্বৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। সন্তানৰ সৈতে আনন্দময় সময় কটাব পাৰিব। বিবাহিত জীৱনতো মৰম আৰু আন্তৰিকতা বজাই থাকিব।

কৰ্কট ৰাশি (Cancer)

কৰ্কট ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো কিছু পৰিশ্ৰমেৰে পাৰ হ’ব। দিনটোৰ শেষৰ ভাগত আপুনি আৰাম আৰু শান্তি লাভ কৰিব। ঘৰলৈ নতুন সামগ্ৰী বা সা-সুবিধা আহিব পাৰে, যাৰ ফলত মন আনন্দিত হ’ব। ভাই-ভনীৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সামাজিক যোগাযোগ বৃদ্ধি পাব আৰু পাৰিবাৰিক কাম-কাজত ব্যস্ততা বাঢ়িব। ঘৰতে কোনো শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে। অৱশ্যে বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। গাড়ী চলোৱাৰ ক্ষেত্ৰতো বিশেষ সতর্কতা অৱলম্বন কৰিব।

সিংহ ৰাশি (Leo)

সিংহ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো লাভজনক হোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। নতুন বা ব্যতিক্ৰমী কামৰ প্ৰতি মন আকৰ্ষিত হ’ব পাৰে। ব্যৱসায়ত লাভৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ মাজত সুখ-শান্তি বজাই থাকিব আৰু সন্ধিয়াৰ সময়ছোৱা মনোৰঞ্জনমূলক হ’ব। ভ্ৰমণৰ পৰিকল্পনা থাকিলে সাৱধানতাৰে আগবাঢ়িব।

কন্যা ৰাশি (Virgo)

কন্যা ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ হ’ব পাৰে। চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মন ঘৰ সজোৱা আৰু পৰিৱেশ সুন্দৰ কৰি তোলাৰ প্ৰতি আকৰ্ষিত হ’ব। শিল্প আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নতুন চাকৰি বা নিজৰ পছন্দৰ কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। নতুন দক্ষতা শিকাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো উন্নতিৰ সম্ভাৱনা আছে। সমাজত সন্মান বৃদ্ধি পাব। উপহাৰ আৰু প্ৰিয় খাদ্য লাভ কৰি আনন্দিত হ’ব।

তুলা ৰাশি (Libra)

তুলা ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। উপাৰ্জন স্থিৰ থাকিলেও খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়েহে আৰ্থিক বিষয়ত সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰতো যত্ন ল’ব লাগিব। অত্যধিক উৎসাহেৰে নিজৰ সামৰ্থ্যতকৈ বেছি ব্যায়াম কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব। চুবুৰীয়া আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। পুৰণি বন্ধু বা চিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া আৰু নিশাৰ সময়ছোৱা ৰোমাণ্টিক হ’ব পাৰে। ব্যৱসায়ত লাভৰ সুযোগো আহিব।

বৃশ্চিক ৰাশি (Scorpio)

বৃশ্চিক ৰাশিৰ লোকৰ বাবে আজিৰ দিনটোত উপাৰ্জনৰ লগতে খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ সন্ধিয়া আৰু নিশাৰ সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব। কিন্তু উত্তেজনাৰ বশৱৰ্তী হৈ কোনো বিপদজনক সিদ্ধান্ত গ্ৰহণ নকৰিব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হওক। বিবাহিত জীৱনত কোনো বিষয়ক লৈ পত্নীৰ সৈতে মতানৈক্য হ’ব পাৰে। সেয়েহে ধৈৰ্য আৰু বুজাবুজিৰে পৰিস্থিতি চম্ভালিব।

ধনু ৰাশি (Sagittarius)

ধনু ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো সফলতা আৰু আৰ্থিক লাভৰ সম্ভাৱনাৰে ভৰা। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ হ’ব পাৰে। কোনো উপহাৰ লাভ কৰাৰো সম্ভাৱনা আছে। সামাজিক ক্ষেত্ৰত আপোনাৰ সন্মান আৰু প্ৰভাৱ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ’ব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। দূৰ বা ওচৰৰ ঠাইলৈ ভ্ৰমণৰ পৰিকল্পনাও হ’ব পাৰে। অৱশ্যে স্বাস্থ্যৰ সমস্যা থাকিলে অৱহেলা নকৰিব।

মকৰ ৰাশি (Capricorn)

মকৰ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত সফলতাৰে ভৰা হ’ব পাৰে। আপোনাৰ সৃষ্টিশীল প্ৰতিভাই লাভ কঢ়িয়াই আনিব। সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ পাব। কোনো পৰিকল্পিত কাম সফলতাৰে সম্পূৰ্ণ হোৱাত আপুনি সন্তুষ্ট হ’ব। পিতৃ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদ আৰু সহায় লাভ কৰিব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনাও আছে।

কুম্ভ ৰাশি (Aquarius)

কুম্ভ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো কিছু মিশ্ৰিত হ’ব। বহুদিনৰ পৰা আধৰুৱা হৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। কিন্তু বিপদজনক বা অধিক ৰিস্ক থকা কামত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। দিনটোৰ দ্বিতীয় ভাগ ব্যৱসায়ৰ বাবে লাভজনক হ’ব পাৰে। উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ আৰু সহায় লাভ কৰিব। পাৰিবাৰিক জীৱনত পত্নীৰ সৈতে সহযোগিতা বজাই ৰখাটো প্ৰয়োজনীয় হ’ব। তেওঁক আপোনাৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে।

মীন ৰাশি (Pisces)

মীন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটোত পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কাৰিকৰী জ্ঞান আৰু দক্ষতাই কৰ্মক্ষেত্ৰত সহায় কৰিব। ভ্ৰমণৰ যোগ আছে যদিও যাত্ৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব। অপ্ৰত্যাশিত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ কোনো বিষয়ক লৈ মন কিছু চিন্তিত হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় আৰু পৰামৰ্শ লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক
ৰাজনীতি

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

November 28, 2026
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু
জীৱনশৈলী

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

November 28, 2026
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু
ভাৰত

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

November 28, 2026
২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!
প্ৰযুক্তি

২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

November 28, 2026
Next Post
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.