‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শ্লোগানেৰে বিজেপিয়ে উলিওৱা ৰাজনৈতিক ৰেলীৰ ফলত সৃষ্টি হোৱা তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰিল এখন এম্বুলেন্স। এই যান-জঁটৰ মাজতে পিতৃৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ’ল ২২ বছৰীয়া আৰক্ষী জোৱান প্ৰাংশু চচানে। সময়মতে চিকিৎসালয়ত উপস্থিত হ’ব নোৱাৰাৰ বাবেই তেওঁৰ এনে কৰুণ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ অম্বেদকাৰনগৰ জিলাত কৰ্তব্যৰত আছিল আৰক্ষী জোৱান প্ৰাংশু চচানে। চৰকাৰী চমন প্ৰদানৰ কাম শেষ কৰি তেওঁ পিতৃ প্ৰমোদ চচানৰ সৈতে মটৰচাইকেলেৰে ঘৰলৈ উভতি আহিছিল। সেই সময়তে ফতেহপুৰৰ সমীপত এখন তীব্ৰবেগী ডাম্পাৰে তেওঁলোকৰ মটৰচাইকেলখনত জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত প্ৰাংশু গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকৰ সহায়ত তেওঁক প্ৰথমে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে কানপুৰৰ হেলট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু কানপুৰ চহৰত বিজেপিৰ ৰাজনৈতিক ৰেলীৰ বাবে টাটমিল চৌৰাহাত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়। ফলত প্ৰাংশুক কঢ়িয়াই নিয়া এম্বুলেন্সখন ৰাজপথতে আৱদ্ধ হৈ পৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি জৰুৰীকালীন অৱস্থাত এম্বুলেন্সখন আগবাঢ়িব নোৱাৰিলে।
ইফালে, পুত্ৰৰ শৰীৰৰ পৰা ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈ থকা দেখি অসহায় হৈ পৰে পিতৃ প্ৰমোদ চচান। তেওঁ বাৰে বাৰে এম্বুলেন্সৰ পৰা নামি যান-জঁট নিয়ন্ত্ৰণত থকা আৰক্ষী আৰু পথচাৰীসকলৰ ওচৰত হাতযোৰ কৰি পথ মুকলি কৰি দিবলৈ কাকূতি-মিনতি কৰে। কৰ্তব্যৰত আৰক্ষীয়েও এম্বুলেন্সখন যান-জঁটৰ পৰা উলিয়াই নিয়াৰ চেষ্টা চলায়। কিন্তু ৰাজনৈতিক ৰেলীৰ বাবে সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ মাজত এম্বুলেন্সখন আগবঢ়াই নিয়াটো সম্ভৱ নহ’ল।
অৱশেষত প্ৰায় ডেৰ ঘণ্টাৰ সংগ্ৰামৰ অন্তত এম্বুলেন্সখন হেলট চিকিৎসালয়ত উপস্থিত হয়। কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল। চিকিৎসকে আৰক্ষী জোৱান প্ৰাংশু সচানক মৃত বুলি ঘোষণা কৰে। একমাত্ৰ পুত্ৰক চকুৰ সন্মুখতে হেৰুৱাই শোকত ভাগি পৰে পিতৃ। ২২ বছৰীয়া এজন যুৱ আৰক্ষী জোৱানৰ এনে কৰুণ আৰু অকাল মৃত্যুৱে পৰিয়ালটোলৈ গভীৰ শোকৰ ছাঁ নমাই আনিছে। ৰাজনৈতিক ৰেলীৰ বাবে সৃষ্টি হোৱা যান-জঁটত এজন আহত ব্যক্তিৰ চিকিৎসালয়ত উপস্থিত হোৱাত পলম হোৱা এই ঘটনাই জৰুৰীকালীন সেৱাৰ বাবে পথ মুকলি কৰি ৰখাৰ গুৰুত্বক পুনৰ এবাৰ প্ৰশ্নৰ সন্মুখীন কৰাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















