গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। মৃ*তদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই থৈ যোৱাৰ ঘটনাই সমগ্ৰ মহানগৰীতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মৃ*তদেহৰ কেইবাটাও টুকুৰা। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বস্তাৰ ভিতৰত মৃ*তদেহৰ টুকুৰা উদ্ধাৰ হোৱাৰ পিছতে পোহৰলৈ আহে ঘটনাৰ ভয়ংকৰ দিশ। এনে এক নৃশংস ঘটনাই স্বাভাৱিকতেই স্থানীয় লোকসকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ উদ্বেগ।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষীৰ এটা দল। আৰক্ষীয়ে সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মৃ*তদেহৰ অৱশিষ্টসমূহৰ পৰীক্ষা-নিৰীক্ষাৰ লগতে ঘটনাৰ সৈতে জড়িত বিভিন্ন দিশ চালি-জাৰি চোৱা হ’ব।
কোনে, কিয় আৰু কি উদ্দেশ্যেৰে এনে নৃ*শংস ঘটনা সংঘটিত কৰিলে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃ*ত ব্যক্তিজনৰ পৰিচয় আৰু ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটন কৰাটো আৰক্ষীৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈ পৰিছে। মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত এই ঘটনাই পুনৰ এবাৰ গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















