অসম লাইভ২৪ঃ নিজৰ ভঙা জুপুৰিত এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰচিছে সপোন৷ বাক্সাৰ মাদালটানা গাঁৱৰ যুৱ খেলুৱৈ লক্ষ্মন ৰাজবংশীয়ে শৰীৰ চৰ্চা, পাৱাৰ লিফটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক বুটলি আনিবলৈ সক্ষম হৈছে৷ আৰ্থিক সংকটৰ বাবে খেলুৱৈগৰাকীয়ে টেম্পো চলাই পৰিয়াল পোহ-পাল দিয়াৰ লগতে খেলৰ অনুশীলন চলাই আছে৷ প্ৰতিভাৱান খেলুৱৈগৰাকীক এতিয়া প্ৰয়োজন ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ সহায়-সহযোগিতা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ