অসম লাইভ ২৪ঃ সোমবাৰে দেশৰ প্ৰসিদ্ধ নৃত্যশিল্পী পদ্মশ্ৰী ইন্দিৰা পি পি বৰাক ২০১৯ বর্ষৰ গুৰু গোপীনাথ দেশীয় নাট্য পুৰস্কাৰ প্ৰদান কৰা হয়। কেৰালা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰদান কৰা এই বঁটাত আছে নগদ ৩ লাখ টকা আৰু এটা স্মাৰক। ক’ভিড প্ৰ’টকলৰ বাবে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই বঁটা গ্ৰহণ কৰে সত্ৰীয়া নৃত্যৰ বৰেণ্য শিল্পীগৰাকীয়ে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বৰাই তেওঁ শিল্প-সাধনাক সন্মান জনোৱাৰ বাবে কেৰালা চৰকাৰক কৃতজ্ঞতা জনায়। দেশৰ আগশাৰীৰ নৃত্যশিল্পী আৰু বিভিন্ন নৃত্য-কলাক উৎসাহিত কৰাৰ বাবে প্ৰদান কৰি অহা হৈছে এই বঁটা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ