অসম লাইভ ২৪ঃ
জীৱনশৈলীঃ শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ সেউজীয়া শাক-পাচলি খোৱাৰ বাহিৰে অন্য কোনো বিকল্প নাই। বহুতেই শৰীৰত অতিৰিক্ত পুষ্টি লাভৰ বাবে প্ৰায়ে কেঁচা পাচলি খোৱা দেখা যায়। অৱশ্যে পুষ্টিবিদসকলে যদিও কয় যে কিছুমান পাচলি কেঁচাকৈ খাব পৰা যায় কিন্তু এইটোও কয় যে কিছুমান এনেধৰণৰ পাচলি আছে যিসমূহ নাৰান্ধিলে পেটত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এনে কেতবোৰ পাচলি হ’লঃ
১) গাজৰঃ বহুলোকে কেঁচা গাজৰ খাবলৈ ভাল পায়। পুষ্টিবিদসকলৰ মতে, ৰন্ধা গাজৰত কেঁচা গাজৰৰ তুলনাত বিটা কেৰোটিনৰ পৰিমাণ অধিক হয়। এই যৌগটো শৰীৰলৈ যায় আৰু ভিটামিন এ প্ৰস্তুত কৰে। ভিটামিন এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত, চকু আৰু হাড়ৰ স্বাস্থ্য ভালদৰে বজাই ৰখাত উপকাৰী। ৰন্ধা গাজৰত এণ্টিঅক্সিডেণ্টৰ মান বহু পৰিমাণে বৃদ্ধি হয়। পুষ্টিবিদসকলৰ মতে, সিজোৱা গাজৰৰ পুষ্টিগত মূল্য সৰ্বাধিক।
২) কেপছিকামঃ যিকোনো চীনা খাদ্যই হওঁক বা অলপ সুস্বাদু খাদ্যই হওঁক, ৰন্ধাৰ পিছত কেপচিকামৰ সোৱাদ বহুগুণে বৃদ্ধি হয়। বহুলোকে কেপচিকাম কেঁচাকৈ খাবলৈও ভাল পায়।
৩) বিলাহীঃ বিলাহী ৰন্ধাৰ ফলত এই পাচলিত থকা এণ্টিঅক্সিডেণ্ট লাইকোপেনৰ স্তৰ বৃদ্ধি হয়। যেতিয়া এই লাইকোপেন শৰীৰত প্ৰৱেশ কৰে তাৰ ফলত হৃদৰোগ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়। গতিকে চালাডত কেঁচা বিলাহী খোৱাতকৈ ৰান্ধি খোৱাটো অধিক স্বাস্থ্যক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ