অসম লাইভ ২৪ঃ যিসকলে পানীৰ অপচয় কৰে তেওঁলোক সতৰ্ক হোৱাৰ প্ৰয়োজন। কোনো ব্যক্তি বা চৰকাৰী সংস্থাই যদি ভূগৰ্ভস্থ পানীৰ উৎসৰ পৰা পানীৰ অপব্যয় বা অপব্যৱহাৰ কৰে, তেওঁলোকক এতিয়াৰ পৰা অপৰাধী হিচাপে বিবেচিত হ’ব। ইয়াৰ পূৰ্বে ভাৰতত পানীৰ অপচয় কৰাৰ বাবে কোনো শাস্তি বা জৰিমনাৰ ব্যৱস্থা নাছিল। CGWৰ নতুন নিৰ্দেশনা অনুযায়ী পানীৰ অপব্যৱহাৰ কৰাসকলক এতিয়াৰ পৰা ১ লাখ টকাৰ জৰিমনা আৰু ৫ বছৰপৰ্যন্ত কাৰাদণ্ডৰ শাস্তি বিহা হ’ব। নেচনেল গ্ৰীন ট্ৰিবিউনেলে প্ৰথমবাৰৰ বাবে ৰাজেন্দ্ৰ ত্যাগী আৰু এন জি অ’ ফ্ৰেণ্ডে ২০১৯ৰ ২৪ জুলাইত পানীৰ অপচয় বন্ধ কৰাৰ আৱেদনৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰীয় জলবিদ্যুৎ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ভূগৰ্ভস্থ জল কৰ্তৃপক্ষ CGWয়ে ২০২০ৰ ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ