অসম লাইভ ২৪ঃ এটি শিশুৱে কেইমাহৰ পৰা কথা ক’ব পাৰে? ১০ৰ পৰা ১৪ মাহৰ ভিতৰত এটি শিশুৱে কথা ক’বলৈ আৰম্ভ কৰে। কিন্তু মাত্ৰ ৮ সপ্তাহ পূর্বে জন্ম হোৱা এটি শিশুৱে পিতৃক হেল্ল’ বুলি কৈ সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। আমেৰিকাৰ নিবাসী নিক আৰু কেৰ’লিনৰ পুত্ৰৰ এই আজৱ কাণ্ড। শিশুটিৰ কথা কোৱা এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা যায় পিতৃ নিকে পুত্ৰক হেল্ল’ বুলি কৈছে আৰু তাৰ পাছতে শিশুটিয়েও পিতৃৰ হেল্ল’ৰ প্ৰত্যুত্তৰ দিলে হেল্ল’ বুলি কৈ। ভিডিঅ’টো কৰিছে শিশুটিৰ মাতৃ কেৰ’লিনে। কেৰ’লিনে কৈছে হঠাৎ এই ঘটনাটো ঘটে। আমি তাক হেল্ল’ বুলি কৈছিলো আৰু সি শব্দটো শুনাৰ লগে লগে আমাকো হেল্ল’ বুলি ক’লে। কেৰ’লিনে কৈছে আমি বহুবাৰ ভিডিঅ’টো চাইছো। আমি গর্ববোধ কৰিছো আমাৰ সন্তানক লৈ। কাৰণ এটি শিশুৱে ১০ৰ পৰা ১৪ মাহৰ ভিতৰত কথা ক’বলৈ আৰম্ভ কৰে কিন্তু আমাৰ সন্তানে দুমাহতে পিতৃক হেল্ল’ বুলি ক’লে। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ঘটনাক মিৰাকুল বয় আৰু কিছুসংখ্যকে এই ঘটনাক অবাক কৰি দিয়া ঘটনা বুলি কৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ