অসম লাইভ২৪ঃ
নলবাৰীত পুনৰ বিয়া বিতৰ্ক৷ বিয়াৰ নিশাই দৰাই ঠগিলে কইনাক৷ এইবাৰ মদৰ নিচাত দৰা ৰভাতলীত শুৱা কাহিনী নহয়৷ নিচাজাতীয় দ্ৰৱ্য সেৱন নিচাত কইনাৰ ঘৰলৈকে নাহিল দৰা৷ কইনাপক্ষৰ অভিযোগ অনুসৰি দৰাই মদ আৰু ড্ৰাগছ লৈ অসুস্থ হৈ ৰভাতলিত উপস্থিত নোহোৱা নহয়। ইচ্ছা কৰিয়েই দৰা উপস্থিত হোৱা নাছিল কইনাঘৰত। নাটক কৰিহে দৰা চিকিৎসালয়ত ভৰ্তী হোৱা বুলিও জনাইছে কইনাপক্ষই।
নলবাৰীৰ বাংনাবাৰীত সংঘটিত হৈছে এই ঘটনা। পুৱতি নিশালৈ দৰাৰ বাবে ৰৈ থাকিল কইনা। কিন্তু দৰা উপস্থিত নহ’ল কইনাঘৰত। প্ৰকৃততে বুধবাৰে নিশা কি হৈছিল বৰমাৰ বাংনাবাৰীত?
বজালীৰ বিতোপন লহকৰে নলবাৰীৰ বাংনাবাৰীৰ কইনা কস্তুৰী বৰ্মনক বিয়া কৰোৱাৰ কথা আছিল৷ কিন্তু ৰহস্যজনক ভাৱে দৰা বিতোপন লহকৰে নিশা কইনা কস্তুৰী বৰ্মনক বিয়া কৰাবলৈ নাহিল৷ দৰাৰ অপেক্ষত পুৱতি নিশালৈ ৰৈ থাকিও দৰা উপস্থিত নহ’ল কইনাঘৰত। মাজনিশালৈ বজালী পাঠশালাৰ দৰা বিতোপন লহকৰ কইনাৰ ঘৰত উপস্থিত নোহোৱাত কইনাৰ ঘৰত এক বিভ্ৰান্তিৰ পৰিৱেশৰ সৃষ্টি হয়৷ পিচত কইনা পক্ষই দৰাৰ খবৰ লোৱাত ৰহস্যজনক ভাৱে দৰাই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি দৰাৰ আত্মীয়ই কইনাপক্ষক জনায়৷
দৰা কইনাঘৰত উপস্থিত নোহোৱাৰ পাছতেই চেণ্ডেলৰ দোকানী দৰা বিতোপনৰ সৈতে কইনা কস্তুৰীক বিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কইনাৰ পিতৃ আত্মীয়ই৷
আনকি কইনাইয়ো ৰাজহুৱাভাৱে বিতোপনৰ সৈতে বিয়াত নবহাৰ কথা প্ৰকাশ কৰিছে। জানিব পৰা মতে দৰা বিতোপন লহকৰ দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত৷ বুধবাৰে নিশাও দৰাৰ সাজ পৰিধান কৰাৰ পূৰ্বে ড্ৰাগছ আসক্ত বিতোপন ঢলি পৰি চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ কথা দৰাৰ চুবুৰিয়াই জানিবলৈ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ