অসম লাইভ২৪ঃ চীনে পৃথিৱীৰ বুকুত এটাৰ পাছত আনটো পৰীক্ষা চলাই আহিছে। কেতিয়াবা যদি অন্য সূৰ্য সৃষ্টি কৰে কেতিয়াবা আকৌ চীনে কৃত্ৰিম বৰষুণ দিয়াবলৈ চেষ্টা কৰে। এইবাৰ চীনে কৰিছে আন এক কাম। বৃহৎ এক গাঁত খান্দিছে চীনে। চীনৰ চিছুৱান প্ৰদেশত ৩২হাজাৰ ৮০৮ ফুট দ গাঁত খান্দিছে চীনে। কিয় এই গাঁত খান্দিছে চীনে?
পৃথিৱীৰ আভ্যন্তৰীণ গঠন চাবলৈকে এই গাঁত খান্দিছে চীনে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু আভ্যন্তৰীণ গঠন চাই চীনে কি কৰিব? চীনৰ জিনহুৱা প্ৰদেশৰ আছে প্ৰাকৃতিক সৌন্দৰ্য। প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰিও মছলাৰ বাবেও খ্যাত এই প্ৰদেশ। ইয়াৰোপৰি এই প্ৰদেশত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। সেই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ বিচাৰিয়েই চীনে চলাইছে এই অভিযান।
সম্প্ৰতি চীন চৰকাৰে সমস্ত পেট্ৰোলিয়াম সংস্থাকেই ক্ৰুইড অইল উৎপাদনৰ নিৰ্দেশ দিছে। দেশত বিদ্যুৎ আৰু ক্ৰুইড অইলৰ ঘাটিয়ে দেখা দিয়াত জিনপিঙে পেট্ৰোলিয়াম সংস্থাসমূহলৈ দিছে বিশেষ নিৰ্দেশ। হয়তো তেলৰ সন্ধানতেই এই বিশাল গাঁত খান্দিছে চীনে বুলি সন্দেহ কৰিছে প্ৰায়সংখ্যকেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ