অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰহস্যৰ তদন্তৰ নতুন মোৰ। সুশান্ত সিং ৰাজপুতৰ শাৰীৰিক মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। প্ৰয়াত অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন হৈ গ’ল দুমাহ পূৰ্বে। এইবাৰ সুশান্তৰ মানসিক প’ষ্টমৰ্টেম সম্পন্ন কৰিব চিবিআয়ে। সোমবাৰে নিশা চিবিআয়ে এই কথা জনাইছে। মানসিক মৰণোত্তৰ পৰীক্ষা কৰিবলৈ সুশান্তৰ চিকিৎসকক মাতি পঠিয়াইছে চিবিআয়ে। কেৱল সেয়াই নহয়, সুশান্তৰ ছ’চিয়েল মিডিয়াত প্ৰকাশিত প’ষ্টৰ পৰা হোৱাটছ এপ চাটৰো পৰীক্ষা কৰিব চিবিআয়ে। মৃত্যুৰ কিছুদিন পূৰ্বে প্ৰয়াত অভিনেতাগৰাকীৰ কথা-বাৰ্তা, আচাৰ-ব্যৱহাৰ বিসংগতিপূৰ্ণ আছিল নেকি তাৰো পৰীক্ষা কৰিব চিবিআয়ে। উল্লেখযোগ্য যে ভাৰতৰ মাটিত এইটো তৃতীয়টো মানসিক মৰণোত্তৰ পৰীক্ষাৰ ঘটনা। ইতিপূৰ্বে মাত্ৰ দুটা ঘটনাত মানসিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল। প্ৰথমবাৰ সুনন্দা পুষ্কৰৰ মৃত্যু ৰহস্যৰ তদন্তত আৰু দ্বিতীয়বাৰ বুৰাৰী গণ আত্মহত্যাৰ তদন্তত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। সুশান্তৰ মৃত্যু আত্মহত্যা নে পৰিকল্পিত হত্যা? সেই বিষয়েও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ বিতৰ্ক হৈছে। এইবাৰ তদন্ত চিবিআইৰ হাতলৈ যোৱাত সুশান্তৰ অনুৰাগীয়ে সন্তুষ্টি লাভ কৰিছে। সকলোৱে আশা কৰিছে সুশান্তৰ মৃত্যুৰ ৰহস্য ফাদিল হওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ