অসম লাইভ২৪ঃ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত বিপুৰ ভোটৰ ব্যৱধানত জয়ী হৈছে তৃণমূল কংগ্ৰেছ৷ নিৰ্বাচনত বেছিভাগ আসনেই লাভ কৰিছে দলটো৷ তৃণমূল গাওঁ পঞ্চায়তৰ ৩ হাজাৰ ৩১৭ আসনৰ ২হাজাৰ ৫৫২খন আসন লাভ কৰিছে৷ ইয়াৰোপৰি পঞ্চায়ত সমিতিৰ ২৩২ আসন আৰু জিলা পৰিষদৰ ২০খন আসনৰ মাজত ১২খন আসনেই জয় কৰিছে তৃণমূল কংগ্ৰেছে৷ বিজেপিয়ে দ্বিতীয় স্থান অধিকাৰ কৰিলেও তৃণমূলতকৈ বহু পৰিমানে পিছুৱাই আছে৷ কেন্দ্ৰত ক্ষমতাত থকাৰ পাছতো গাওঁ পঞ্চায়ত আৰু পঞ্চায়ত সমিতিত মুঠ ২১২ আৰু ৭ খন আসনহে লাভ কৰিছে৷ জিলা পৰিষদত এখনো আসন লাভ কৰিব নোৱাৰিলে বিজেপি দলে৷
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল নেতা মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ এটা ফেছবুক পোষ্ট শ্বেয়াৰ কৰিছে৷ তেওঁ পোষ্টত লিখিছে, ‘মা মাটি মানুহক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন৷ বাংলাৰ প্ৰতিজন জনতা বিকাশৰ পক্ষত আছে৷ এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ অভূতপূৰ্ব সমৰ্থন, আকুণ্ঠ ভালপোৱা আৰু অপাৰ আশীৰ্বাদত মই আৰু আমাৰ তৃণমূল কংগ্ৰেছ কৃতজ্ঞ৷ এই জয় আপোনালোকৰ জয়৷ এই নিৰ্বাচনে আকৌ এবাৰ প্ৰমাণ কৰিলে প্ৰতিজন বাংলাভাষীৰ হৃদয়ত তৃণমূল কংগ্ৰেছেই আছে৷’
মঙলবাৰে পুৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছিল৷ মুঠ ৭৮ হাজাৰ আসনৰ ভিতৰত গাওঁ পঞ্চায়ত, পঞ্চায়ত কমিটি আৰু জিলা পৰিষদৰ ভিতৰত যথাক্ৰমে ৬৩ হাজাৰ২২৯, ৯ হাজাৰ ৭৩০ আৰু ৯২৮আসন আছিল৷ বিশ্লেষকসকলৰ মতে, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীৰ বাবে এই নিৰ্বাচন আছিল অগ্নিপৰীক্ষা৷ এই নিৰ্বাচনত নিজৰ সকলো সামৰ্থই ঢালি দিছিল মমতাৰ দলে৷ নিৰ্বাচনী হিংসাও ইমানেই বাঢ়ি গৈছিল যে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতেই ৪০গৰাকী লোকে মৃত্যুকো সাবটি লয়৷ নিহতৰ ভিতৰত শনিবাৰে ভোটগ্ৰহণৰ দিনাই নিহত হৈছিল ১৬জন লোক৷ তৃণমূল কংগ্ৰেছে দাবী কৰামতে নিহতসকলৰ ভিতৰত ৬০শতাংশই তেওঁলোকৰ কৰ্মী আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ