অসম লাইভ২৪ঃ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আইপিএলৰ দুখনকৈ মেচ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই ৰাজস্তান ৰয়েনছ আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব মেচ। কিন্তু খেলৰ আৰম্ভনিতেই খেলতকৈ বেছি সামাজিক মাধ্যমত চৰ্চা হৈছে আন এক বিষয়। বিশেষ ফটো এখন সকলোৱেই শ্বেয়াৰো কৰিছে। আইপিএলৰ বাবে বাহিৰৰ পৰা অহা খেলুৱৈয়ে গুৱাহাটী মহানগৰীৰ একোৱেই লেতেৰা যাতে দেখিব নালাগে তাৰ বাবে লৈছে বিশেষ পন্থা। মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলুকো ঢাকি পেলাইছে খেল আয়োজকে। এখন সেউজীয়া তিৰপালেৰে ঢাকি দিয়া হৈছে ভৰলুক। কাৰণ ভৰলুৰ ক’লা পানী বাহিৰৰ পৰা অহা খেলুৱৈৰ যাতে চকুত নপৰে।
ক্ৰিকেটাৰসকলক আদৰণি জনোৱাত ক’তোৱেই ত্ৰুটি ৰখা নাই আয়োজকে। ভৰলুৰ ক’লা পানীয়ে যাতে সৌন্দৰ্যবৰ্ধনত প্ৰভাৱ নেপেলাই তাৰ বাবেই এই সিদ্ধান্ত লৈছে আয়োজকে। মহানগৰীৰ স্থায়ী সমস্যা ভৰলুৰ ক’লা পানীক লৈ বহুসময়ত চৰকাৰলৈ আঙুলিও উঠিছে। পৌৰ নিগমৰ নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনলৈ সকলো দলৰে নিৰ্বাচনী ইস্তাহাৰত ভৰলুক চাফা কৰাৰ প্ৰতিশ্ৰুতি থাকে সেয়া কিন্তু নিৰ্বাচনৰ অন্তত প্ৰত্যেকবাৰেই ইস্তাহাৰতেই ৰৈ যায়। অৱশেষত ভৰলুক ঢাকি পেলোৱাৰ এই পন্থাক লৈ সকলোৱেই সামাজিক মাধ্যমত কটাক্ষ কৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















