অসম লাইভ২৪ঃ সময় সন্ধিয়া প্ৰায় ৭.৩০মিনিট। পশ্চিমবংগৰ পৰা চেন্নাইৰ দিশে তীব্ৰগতিত আগৱাঢ়িছে ১২৮৪১ নম্বৰৰ ছালিমা-চেন্নাই ছুপাৰ স্পিড ট্ৰেইন কৰমণ্ডল এক্সপ্ৰেছ। তেনে সময়তে ওড়িশাৰ বালাচোৰ জিলাৰ বাহানগৰত কৰমণ্ডল এক্সেপ্ৰেছে তীব্ৰগতিত খুন্দা মাৰে। পূৰ্বৰে পৰা লাইনচ্যুত হৈ থকা ১২৮৬৪ নম্বৰৰ বেংগালুৰু-হাওৰা ট্ৰেইনখনৰ বহুকেইটা ডবাত। ইফালে কৰমণ্ডল এক্সেপ্ৰেছে পূৰ্বৰে পৰা লাইনচ্যুত হৈ থকা ৰে’লখনত খুন্দামাৰিয়ে উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ৰে’লত খুন্দা মাৰে।
ইফালে কিবা তত ধৰিব পৰাৰ আগতেই সৃষ্টি হয় সকলোফালে হাহাকাৰৰ। কিছু সময়ৰ পূৰ্বে হাঁহি মাতি আহি থকা বহুসংখ্যক যাত্ৰী নিমিখতে ৰূপান্তৰ হয় মৃতদেহলৈ। চকুৰ পচাৰতে শেষ হৈ পৰিল শ শ লোকৰ জীৱন। কাৰোবাৰ যদি হাত নাই তেন্তে কাৰোবাৰ ভৰি নাই, কাৰোবাৰ যদি দেহৰ তলৰ অংশ নাই তেন্তে কাৰোবাৰ দেহৰ মুখ মণ্ডল নাইকিয়া হৈ পৰে এই দুৰ্ঘটনাত। পিছে শুকুৰবাৰে সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাই ভাৰতৰ প্ৰথম ৰে’ল দুৰ্ঘটনা নহয়। ইয়াৰ পূৰ্বেও দেশত বহু কেইটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘঠিত হৈছে।
চন ২০১৬, ২০ নৱেম্বৰ। এই দুৰ্ঘটনা সংঘটিত হৈছিল উত্তৰপ্ৰদেশৰ পোষৰাইন নামৰ অঞ্চলত। ইন্দোৰ-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছৰ মাজত হৈছিল এই দুৰ্ঘটনা। ১৫২গৰাকী যাত্ৰী মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ২৬০গৰাকী যাত্ৰী। চন ২০০২, ৯ ছেপ্টেম্বৰ। নতুন দিল্লী-হাওৰা ৰাজধানী এক্সপ্ৰেছ দুৰ্ঘটনা সংঘটিত হয় বিহাৰত। এই দুৰ্ঘটনাত মৃত্যু হয় ১৪০গৰাকী যাত্ৰীৰ। চন ১৯৯৯, ২ আগষ্ট। গাইচাল ষ্টেচনত সংঘঠিত হোৱা দুৰ্ঘটনাৰ ফলত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ ২৮৫গৰাকী যাত্ৰীৰ মৃত্যুৰ লগতে ৩০০গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।
চন ১৯৯৮, ২৬ নৱেম্বৰ। জন্ম টাৱি-শিয়ালদা এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ফলত ২১২গৰাকী যাত্ৰীৰ মৃত্যু হয়। চন ১৯৯৫, ২০ আগষ্ট। ফৰিদাবাদত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত ৩০৫ গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু ঘটে। চন ১৯৮১, ৬ জুন। বিহাৰৰ বাগমতি নদী পাৰ হোৱাৰ সময়তে দলং ভাঙি নদীত বাগৰি এখন ৰে’ল। যি দুৰ্ঘটনাত ৭৫০জন লোকৰ মৃত্যু ঘটে।
এইয়া আছিল ইতিহাসত লিপিবদ্ধ হোৱা চলিত শতিকাৰ ভাৰতৰ কেইটামান ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পূৰ্বৰ দৰে ভয়ংকৰ ৰে’ল দুৰ্ঘটনাবোৰৰ দৰেই শুকুবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত বৰ্তমান সময়লৈ মৃত্যু হৈছে প্ৰায় ৩০০ জন লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ