অসম লাইভ২৪ঃ
বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ খাই অসুস্থ ৯৩জন শিক্ষাৰ্থী।
ঘটনাটো বিহাৰৰ বাঁকা জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ।
জেঠি পৰা খাদ্য শিক্ষাৰ্থীক দিয়াৰ বাবেই এই অঘটন বুলি প্ৰকাশ।
বুধবাৰে ৰাজাউন ব্লক এলেকাৰ এখন বিদ্যালয়ত এই ঘটনা।
বিদ্যালয়ৰ খাদ্য গ্ৰহণ কৰিয়েই পেটৰ বিষ, বমি আদি সমস্যাই দেখা দিছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত।
অসুস্থ শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হৈছে ৰাজাউন ব্লকৰ স্বাস্থ্যকেন্দ্ৰত।
ঘটনাক লৈ ইতিমধ্যে বিহাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ