অসম লাইভ ২৪ঃ ভ্ৰমণ বিলাসৰ চখ আছে পুত্ৰৰ৷ পিতৃয়ে কিনি দিছে বিলাসী গাড়ী৷ কিমান দিনীয়া প্ৰত্যাশা৷ ৱাহ নিজাকৈ এখন বিলাসী গাড়ী৷ এই আনন্দ প্ৰকাশৰ ভাষাও একদন ঢাক্কাচ হ’বই লাগিব৷ বিলাসী গাড়ী ক্ৰয়ৰ আন্নদ প্ৰকাশ কৰিবলৈ গৈয়েই বিপদত এতিয়া ব্যৱসায়ীৰ পুত্ৰ৷ বিলাসী বাহন চলাই ফুৰাৰ সপোন, সপোনেই হৈ ৰ’ব নেকি?
পিতৃয়ে গাড়ী কিনি দিয়াৰ আনন্দতে পুত্ৰই শূন্যলৈ গুলীচালনা কৰে৷ শূন্যলৈ গুলীচালনা কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত পষ্ট কৰাৰ পিছতেই বিপদত পৰিছে ব্যৱসায়ীগৰাকীৰ পুত্ৰ৷ বন্ধুৰ সৈতে আনন্দতে শূণ্যলৈ কৰা গুলীচালনাৰ বাবেই আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে যুৱকজনৰ বিৰুদ্ধে৷
যুৱকজনে হাতত তুলি লোৱা পিষ্টলটোৰ লাইচেঞ্চ আছেনে সেই বিষয়ে তদন্ত কৰাৰ অন্তত আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে যুৱকজনে ব্যৱহাৰ কৰা পিষ্টলটোৰ কোনো লাইচেঞ্চ নাই৷ অৱশ্যে যুৱকজনে ব্যৱহাৰ কৰা পিষ্টলটোৰ লাইচেঞ্চ তেওঁৰ বন্ধুৰ নামত আছে বুলি উল্লেখ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















