অসম লাইভ২৪ঃ এইবাৰ বিশ্বকাপৰ গ্ৰুপ খেলত ১০টা দলে মুঠ ৪৫খন মেচ খেলিব। তাৰমাজতেই ৩৯খন মেচ ডে-নাইট। অন্য ৬খন মেচ দিনৰ। অৰ্থাৎ দুপৰীয়াৰ সলনি পুৱাই আৰম্ভ হ’ব দিনৰ মেচকেইখন। ডে-নাইট মেচসমূহ আৰম্ভ হ’ব ভাৰতীয় সময়ত দুপৰীয়া ২বজাত। অৰ্থাৎ খেল শেষ হ’ব নিশা প্ৰায় ১০বজাত।
ভাৰতৰ আটাইকেইখন মেচেই ডে-নাইট। এই সকলো মেচতেই গুৰুত্বপূৰ্ণ হৈ উঠিব টছ। কাৰণ অক্টোবৰ, নৱেম্বৰ মাহত নিশাৰভাগত কুঁৱলী পৰে ফলত পিছলাৰ সম্ভাৱনা বাঢ়ি যায়। বলাৰসকলৰো বল গ্ৰীপ কৰাত সমস্যাই দেখা দিয়ে। সেয়ে ডে-নাইটৰ খেলত টছ জিকিলে বেছিভাগ দলেই প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়।
বিশ্বকাপত দিনত থকা খেলসমূহ পুৱা ১০ বজাক আৰম্ভ হয়। অৰ্থাৎ সেই খেলসমূহ সন্ধিয়া ৬বজাৰ আগতে শেষ হয়। এইবাৰ বিশ্বকাপত প্ৰথম দিনাৰ খেল হ’ব ৭ অক্টোবৰত। প্রথমখন খেল ধৰ্মশালাত অনুষ্ঠিত হ’ব। প্রথমখন খেলত বাংলাদেশ আৰু আফগানিস্তান মুখামুখি হ’ব। তাৰপাছতেই ১৪ অক্টোবৰ চেন্নাইত বাংলাদেশ আৰু নিউজিলেণ্ড মুখামুখি হ’ব। ২১ অক্টোবৰত দুই কোৱালিফায়াৰ দলৰ মাজত লক্ষ্নৌত হ’ব পৰবৰ্তী মেচ। ২৮ অক্টোবৰত ধৰ্মশালাত খেলিব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে। ৪ নৱেম্বৰত বাংগালুৰুত মুখামুখি হ’ব পাকিস্তান আৰু নিউজিলেণ্ডৰ দল। বিশ্বকাপৰ শেষ মেচ হ’ব ১২ নৱেম্বৰত। পুণেত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু বাংলাদেশ। বিশ্বকাপৰ সময়সূচীলৈ লক্ষ্য কৰিলে দেখা যায় যে শনিবাৰেই দুখনকৈ মেচ আছে। ৫টা শনিবাৰেই আছে মেচ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ