অসম লাইভ২৪ঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল ডাঃ সংগীতা দত্ত। শনিবাৰে দোভাগ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিকিৎসক সংগীতাক। নিশা প্ৰায় ১.৩০ বজাত পল্টনবজাৰ আৰক্ষীয়ে খানাপাৰৰ অসম-মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে শিশু নিৰ্যাতনকাৰী চিকিৎসকগৰাকীক। অসম-মেঘালয়ৰ সীমান্তবৰ্তী এলেকা ৰিভয় জিলাৰ আমচিং এলেকাৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিছে চিকিৎসক সংগীতাক।
ডাঃ সংগীতাক গ্ৰেপ্তাৰৰ পাছতেই পল্টনবজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে ধীৰেনপাৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। স্বাস্থ্য পৰীক্ষাৰ পিছতেই আৰক্ষীয়ে সংগীতা দত্তক পানবজাৰ মহিলা থানালৈ নিয়া বুলি জানিব পৰা গৈছে। চিকিৎসক সংগীতা দত্তক নিশা পানবজাৰ মহিলা থানাতে ৰখা হয়। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰৰ বনকৰা মহিলাকো গ্ৰেপ্তাৰ কৰিছে। ঘৰৰ বনকৰা মহিলাগৰাকীয়ে শিশুটিক বান্ধি থৈছিল বুলি অভিযোগ উঠিছে। ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ১৯৩/২৩ নম্বৰৰ গোচৰৰ পঞ্জীয়ন হৈছে আৰু ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা লগোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ