অসম লাইভ২ঃ গ্ৰীষ্মৰ দিন আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হয় ভাল দিন। দিন হাজিৰা কৰা শ্ৰমিকসকলৰ বাবে এই দিনকেইটা খুবেই বিশেষ। দিনহাজিৰা কৰিও ভাগ্য ঘূৰিছে বহু শ্ৰমিকৰ। মাটি খান্দোতেই পোৱা গৈছে টুকুৰা-টুকুৰ হীৰা। অন্ধ্ৰপ্ৰদেশত পোৱা গৈছে হীৰাৰ এই বিশেষ খনি। বৰ্তমানলৈ অন্ধ্ৰপ্ৰদেশৰ এইসকল শ্ৰমিকে বিক্ৰি কৰিছে ২কোটি টকাৰ হীৰা।
অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত পোৱা গৈছে এই হীৰাৰ খনি। গ্ৰীষ্ম কালত বৰষুণ হোৱাৰ বাবেই মাটি কিছু কোমল হৈ পৰে যাৰ বাবে খান্দিবলৈ সহজ। মূলত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ কুৰ্নুল জিলাত মধ্যকাৰ এলেকাত হীৰাৰ খনি আছে। বৰ্ষাকালত এই এলেকাত থকা দিনহাজিৰা কৰা লোকসকলে প্ৰতিদিনে মাটি খন্দাত ব্যস্ত হৈ পৰে। তাৰেই বাসিন্দা এজনে জনোৱা অনুসৰি ২০২১ চনত তেওঁ ২ কোটি ৪লাখ টকাৰ হীৰা বিক্ৰি কৰিছে। বিগত বৰ্ষতো এজন কৃষকে লাভ কৰিছএ ৪০লাখ টকা। ইয়াৰোপৰি আন দুজন খেতিয়কৰো ভাগ্য সলনি কৰিছে হীৰাই। ২০১৯ চনক তেওঁলোক দুয়োৱেই হীৰাৰ বাবে ৬০লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।
ৰায়লসীমা এলেকাত দামী ৰত্ন পোৱাটো স্বাভাৱিক বুলিয়েই প্ৰায়সকলেই দাবী কৰে। মধ্যযুগত বিজয়নগৰ সাম্ৰাজ্য থকাৰ সময়তো ৰায়লসীমা অঞ্চলতেই হীৰাৰ খনি আছিল। তেতিয়াৰে পৰাই দশকৰ পাছত দশক ধৰি কুৰ্নুল জিলাৰ তুগ্গলি, জন্নাগিৰি, মদ্দিকেৰা আৰু অনন্তপুৰৰ বজ্ৰকৰুৰ এলেকাত বৰ্ষাকালত হীৰা খন্দা কামত ব্যস্ত হৈ পৰে সকলো লোকেই। স্থানীয় লোকসকলৰ ওপৰিও চুবুৰীয়া ৰাজ্য কৰ্ণাটক, তেলেংগানাৰ পৰাও বহু লোক আহে কেৱল হীৰা খান্দিবলৈকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ