অসম লাইভ২৪ঃ পদুম বোকাতেই ফুলে। বোকাত পদুম ফুলাৰ দৰে ফুলি উঠিল মৈৰাবাৰীৰ উৰলকটা গাঁওৰ আবুল কালাম পুত্ৰ আলি হুছেইন। সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন। ৫৯৮ নম্বৰ লাভ কৰি স্থান দখল কৰে আলি হুছেইনে।
সৰ্বভাৰতীয় পৰীক্ষাত উজলিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰ। সদ্যঘোষিত National Eligibility cum Entrance Test (NEET) ২০২৩ ৰ ফলাফলত নগাঁওৰ এক্সেলৰ ছাত্ৰ আছিল আলি হুছেইন। আলি হুছেইনে চহৰীয়া গাঁও জ্ঞান জোতি বিদ্যাপীঠ নামৰ এখন ব্যক্তিগত স্কুলৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। ৫৯৮ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ মৈৰাবাৰী অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে আলি হুছেইনে। দেউতাকে ফেৰী আৰু মাকে সৰু গেলমাল দোকান চলাই আলি হুছেইনৰ খা খৰচ দিছিলে। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে তাৰেই এক উদাহৰণ দাঙি ধৰিছে আলিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ