• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

3 years ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

9 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

2 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

3 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

4 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

4 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

5 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

6 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

8 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

editor by editor
June 11, 2023
in জীৱনশৈলী, ভাৰত
0
মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এয়া প্ৰায় ১৮ বছৰ আগৰ কথা। সেইদিনা নিশা বন্দনা শ্বাহে ২ বজাত শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিছিল। হাতত আছিল মাত্ৰ ৭৫০ টকা। স্বামীগৃহত দৈনন্দিন পোৱা উৎপীড়ন সহ্য কৰিব নোৱাৰিয়েই সেইনিশা বন্দনা ঘৰৰ পৰা ওলাই গৈছিল। এগৰাকী নাৰীক জীয়াই থাকিবলৈ ধনতকৈ সন্মানৰ বেছি গুৰুত্ব আছে। সেই কথাকেই বন্দনা শ্বাহে মানি আহিছিল। সকলো প্ৰত্যাহ্বান আঁতৰাই তেওঁ আজি এগৰাকী সন্মানীয় অধিবক্তা। বিবাহ বিচ্ছেদৰ নামজ্বলা অধিবক্তা বন্দনা শ্বাহ।

আজিও, ভাৰতৰ লাখ লাখ মহিলা ঘৰুৱা উৎপীড়নৰ নীৰৱ ভুক্তভোগী। তেওঁলোকৰ নীৰৱতাৰ বাবে কেইবাটাও কাৰক দায়ী বুলি ক’ব পাৰি। এইসমূহৰ ভিতৰত আছে পৰিয়ালৰ সমৰ্থনৰ অভাৱ, বিত্তীয় সুৰক্ষা আৰু বিবাহ বিচ্ছেদ হোৱা মহিলা হোৱাৰ সৈতে জড়িত কলঙ্ক। বন্দনা শ্বাহৰ কাহিনী কিন্তু পৃথক। বন্দনা বৰ্তমান মুম্বাইৰ এগৰাকী আগশাৰীৰ অধিবক্তা। বন্দনা শ্বাহে জন্মগ্ৰহণ কৰিছিল এটা প্ৰতিষ্ঠিত পৰিয়ালত। উচ্চ শিক্ষা লাভ কৰাৰ পাছতেই বন্দনা বিবাহপাশত আৱদ্ধ হৈছিল এজন ধনী ব্যৱসায়ীৰ সৈতে। বিবাহৰ সেই সময়ছোৱাত বন্দনাই কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ বৈবাহিক জীৱনটো ইমান কণ্টকময় হ’ব।

বিবাহৰ কেইটামান বছৰলৈ কথাবোৰ ঠিকেই আছিল। কিন্তু কেইবছৰমানৰ ভিতৰতে সকলোবোৰ সলনি। বন্দনাৰ ওপৰত স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ অত্যাচাৰ আৰম্ভ হ’ল। বন্দনাই এই পৰিস্থিতিৰ কথা মুঠেও কল্পনাই কৰিব পৰা নাছিল। এনে এক পৰিস্থিতিৰ মুখামুখি হওতে বন্দনা একেবাৰেই ভাঙি পৰিল। এনে এক পৰিস্থিতি আহিল যে বন্দনা আৰু কোনো কাৰণতেই স্বামীগৃহত থাকিব নোৱাৰে। সেয়ে শেষত উপায়হীন হৈ বন্দনাই দোভাগ নিশা হাতত মাত্ৰ ৭৫০টকা লৈ স্বামীগৃহ ত্যাগ কৰিলে। পিতৃগৃহতেই থাকিবলৈ আৰম্ভ কৰে বন্দনাই।

বন্দনাই ঘৰ ত্যাগ কৰাৰ পূৰ্বেই স্বামীয়ে বন্দনাৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে কৰ্টত আবেদন কৰে। এই আৱেদনৰ পাছতেই বন্দনাৰ একাউণ্টত মাত্ৰ ৭৫০ টকা দি মাজনিশা এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। এয়া আছিল ২০০০ চনৰ কথা। ঘটনাৰ ২২ টা বছৰ পাৰ হৈ গৈছে।

বন্দনাই বিবাহৰ পূৰ্বেই মনোবিজ্ঞানত স্নাতক ডিগ্ৰী কৰাৰ লগতে বিজ্ঞাপনত এটা ডিপ্লমা কৰ্ছো কৰিছিল। ডিপ্লমা ক’ৰ্ছ কৰাৰ পাছতেই এটা বিজ্ঞাপন এজেন্সিত কামো কৰিছিল বন্দনাই। কিন্তু বিবাহৰ পাছতেই বন্দনাই সেই চাকৰি ত্যাগ কৰিছিল। স্বামীগৃহৰ হেঁচা নাথাকিলেও বিজ্ঞাপন এজেন্সিত চাকৰি কৰাটো এগৰাকী মহিলাৰ বাবে নিৰাপদ নহয় অনুভৱ কৰিয়েই সেই চাকৰি ত্যাগ কৰিছিল। বন্দনাই বিচ্ছেদৰ পাছতেই এক সাক্ষাৎকাৰত সেই কথা উল্লেখ কৰিছে।

বিচ্ছেদ সন্দৰ্ভতো বন্দনাই কয়, ‘মোৰ ক্ষেত্ৰত ডিভৰ্ছৰ এপ্লাই কৰাৰ ১০ বছৰ পাছতহে সকলোবোৰ কাম সমাপন হৈছে। অৰ্থাৎ ৰায়দান দিবলৈকে ১০ বছৰ সময় লাগিছে। সেই সময়ত মোৰ হাতত চাকৰি বা ধন একোৱেই নাছিল। সেয়ে স্বামীপৰিয়ালৰ বিৰুদ্ধে যুঁজিবলৈ মই অপাৰগ আছিলো। আইনৰ বিষয়েও মোৰ কোনো জ্ঞান নাছিল। কিন্তু হাতত বিকল্পও নাই। মই নিজেই মোৰ বাবে যুঁজিছিলো। এই যুঁজেই মই এগৰাকী অধিবক্তা হোৱাৰ প্ৰাৰম্ভিকতা। মই সাহস নেহেৰুৱাই সেইদিনা দিয়া যুঁজখনেই আজিৰ এইগৰাকী বন্দনাক জন্ম দিলে।’

বন্দনাই যেতিয়া নিজা গোচৰটোৰ সপক্ষে যুঁজ দি আছিল তেতিয়াই অনুভৱ কৰিছিল তেওঁৰ দৰে বহু নাৰীয়েই এই যুঁজত বৰ অসহায়। প্ৰতিদিনেই কিমান নাৰী এনে উৎপীড়নৰ বলি হৈ আছে। এই সন্দৰ্ভত বন্দনাই কয়, ‘প্ৰায় ২বছৰৰ ভিতৰত মই মোৰ জীৱনটোক ন ৰূপ দিছো। মই এটা গ্ৰুপ তৈয়াৰ কৰিছো, যিটো গ্ৰুপত নিৰ্যাতনৰ বলি হোৱা মহিলাসকল আছে। এয়া হয়তো ভাৰতৰ প্ৰথমটো এনে গোট। এনে এক মঞ্চ মই গঢ় দিছো য’ত প্ৰতিগৰাকী নিৰ্যাতিতাই নিজৰ সকলোবোৰ কথা খুলি ক’ব পাৰে। আৰু আলোচনাৰ পাছত যিসকল মহিলাই ভাৱে যে, আমি আইনৰ কাষ চাপিব লাগে! সেইসকলক মই সহায় কৰো।’

তাৰপিছত বন্দনাই কয়, ‘যেতিয়া মই মোৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াটো চলাই আছিলো তেতিয়া মোৰ হাতত দুটা ৰাস্তা খোলা আছিল। হয় মই কঠোৰভাৱে জীৱনটোক আগুৱাই লৈ যাব লাগিব অন্যথা মই আত্মহত্যা কৰিব লাগিব। মই তেতিয়া প্ৰথম ৰাস্তাটোৱেই বাচি লৈছিলো। মই নিজকে সুখী ৰাখিবলৈ ইতিবাচক কথা চিন্তা কৰিবলৈ লৈছিলো।’

বন্দনাই তেওঁৰ বিচ্ছেদক লৈ দিয়া মন্তব্যত কয় যে, তেওঁৰ সংসাৰহে বিফল এগৰাকী নাৰী হিচাপে তেওঁৰ প্ৰতিটো পদক্ষেপেই সফল। যদি আপুনি নিৰ্যাতিতা হৈ আছে তেন্তে তেনে সম্পৰ্ক কঢ়িয়াই থকাতকৈ মুক্ত পৃথিৱীৰ দিশেৰে ওলাই আহক। সমাজে বিবাহ বিচ্ছেদ হোৱা মহিলাক কেনেধৰণে চাব এইবোৰ বিষয় ভাৱি থকাৰ কোনো অৰ্থ নাই। যদি বহুদিন ধৰি এগৰাকী মহিলাই এই উৎপীৰণ সহ্য কৰি থাকে এটা সময়ত সহ্য কৰাটো এটা অভ্যাসেই হৈ পৰে। সেয়ে এনে সম্পৰ্ক ত্যাগ কৰি সময় থাকোতেই ওলাই আহক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
Next Post
আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

আকৌ হৃদয় ভাঙিল ক্ৰিকেটপ্ৰেমীৰ! WTCৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় ভাৰতীয় দলৰ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.