অসম লাইভ২৪ঃ এয়া প্ৰায় ১৮ বছৰ আগৰ কথা। সেইদিনা নিশা বন্দনা শ্বাহে ২ বজাত শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিছিল। হাতত আছিল মাত্ৰ ৭৫০ টকা। স্বামীগৃহত দৈনন্দিন পোৱা উৎপীড়ন সহ্য কৰিব নোৱাৰিয়েই সেইনিশা বন্দনা ঘৰৰ পৰা ওলাই গৈছিল। এগৰাকী নাৰীক জীয়াই থাকিবলৈ ধনতকৈ সন্মানৰ বেছি গুৰুত্ব আছে। সেই কথাকেই বন্দনা শ্বাহে মানি আহিছিল। সকলো প্ৰত্যাহ্বান আঁতৰাই তেওঁ আজি এগৰাকী সন্মানীয় অধিবক্তা। বিবাহ বিচ্ছেদৰ নামজ্বলা অধিবক্তা বন্দনা শ্বাহ।
আজিও, ভাৰতৰ লাখ লাখ মহিলা ঘৰুৱা উৎপীড়নৰ নীৰৱ ভুক্তভোগী। তেওঁলোকৰ নীৰৱতাৰ বাবে কেইবাটাও কাৰক দায়ী বুলি ক’ব পাৰি। এইসমূহৰ ভিতৰত আছে পৰিয়ালৰ সমৰ্থনৰ অভাৱ, বিত্তীয় সুৰক্ষা আৰু বিবাহ বিচ্ছেদ হোৱা মহিলা হোৱাৰ সৈতে জড়িত কলঙ্ক। বন্দনা শ্বাহৰ কাহিনী কিন্তু পৃথক। বন্দনা বৰ্তমান মুম্বাইৰ এগৰাকী আগশাৰীৰ অধিবক্তা। বন্দনা শ্বাহে জন্মগ্ৰহণ কৰিছিল এটা প্ৰতিষ্ঠিত পৰিয়ালত। উচ্চ শিক্ষা লাভ কৰাৰ পাছতেই বন্দনা বিবাহপাশত আৱদ্ধ হৈছিল এজন ধনী ব্যৱসায়ীৰ সৈতে। বিবাহৰ সেই সময়ছোৱাত বন্দনাই কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ বৈবাহিক জীৱনটো ইমান কণ্টকময় হ’ব।
বিবাহৰ কেইটামান বছৰলৈ কথাবোৰ ঠিকেই আছিল। কিন্তু কেইবছৰমানৰ ভিতৰতে সকলোবোৰ সলনি। বন্দনাৰ ওপৰত স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ অত্যাচাৰ আৰম্ভ হ’ল। বন্দনাই এই পৰিস্থিতিৰ কথা মুঠেও কল্পনাই কৰিব পৰা নাছিল। এনে এক পৰিস্থিতিৰ মুখামুখি হওতে বন্দনা একেবাৰেই ভাঙি পৰিল। এনে এক পৰিস্থিতি আহিল যে বন্দনা আৰু কোনো কাৰণতেই স্বামীগৃহত থাকিব নোৱাৰে। সেয়ে শেষত উপায়হীন হৈ বন্দনাই দোভাগ নিশা হাতত মাত্ৰ ৭৫০টকা লৈ স্বামীগৃহ ত্যাগ কৰিলে। পিতৃগৃহতেই থাকিবলৈ আৰম্ভ কৰে বন্দনাই।
বন্দনাই ঘৰ ত্যাগ কৰাৰ পূৰ্বেই স্বামীয়ে বন্দনাৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে কৰ্টত আবেদন কৰে। এই আৱেদনৰ পাছতেই বন্দনাৰ একাউণ্টত মাত্ৰ ৭৫০ টকা দি মাজনিশা এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। এয়া আছিল ২০০০ চনৰ কথা। ঘটনাৰ ২২ টা বছৰ পাৰ হৈ গৈছে।
বন্দনাই বিবাহৰ পূৰ্বেই মনোবিজ্ঞানত স্নাতক ডিগ্ৰী কৰাৰ লগতে বিজ্ঞাপনত এটা ডিপ্লমা কৰ্ছো কৰিছিল। ডিপ্লমা ক’ৰ্ছ কৰাৰ পাছতেই এটা বিজ্ঞাপন এজেন্সিত কামো কৰিছিল বন্দনাই। কিন্তু বিবাহৰ পাছতেই বন্দনাই সেই চাকৰি ত্যাগ কৰিছিল। স্বামীগৃহৰ হেঁচা নাথাকিলেও বিজ্ঞাপন এজেন্সিত চাকৰি কৰাটো এগৰাকী মহিলাৰ বাবে নিৰাপদ নহয় অনুভৱ কৰিয়েই সেই চাকৰি ত্যাগ কৰিছিল। বন্দনাই বিচ্ছেদৰ পাছতেই এক সাক্ষাৎকাৰত সেই কথা উল্লেখ কৰিছে।
বিচ্ছেদ সন্দৰ্ভতো বন্দনাই কয়, ‘মোৰ ক্ষেত্ৰত ডিভৰ্ছৰ এপ্লাই কৰাৰ ১০ বছৰ পাছতহে সকলোবোৰ কাম সমাপন হৈছে। অৰ্থাৎ ৰায়দান দিবলৈকে ১০ বছৰ সময় লাগিছে। সেই সময়ত মোৰ হাতত চাকৰি বা ধন একোৱেই নাছিল। সেয়ে স্বামীপৰিয়ালৰ বিৰুদ্ধে যুঁজিবলৈ মই অপাৰগ আছিলো। আইনৰ বিষয়েও মোৰ কোনো জ্ঞান নাছিল। কিন্তু হাতত বিকল্পও নাই। মই নিজেই মোৰ বাবে যুঁজিছিলো। এই যুঁজেই মই এগৰাকী অধিবক্তা হোৱাৰ প্ৰাৰম্ভিকতা। মই সাহস নেহেৰুৱাই সেইদিনা দিয়া যুঁজখনেই আজিৰ এইগৰাকী বন্দনাক জন্ম দিলে।’
বন্দনাই যেতিয়া নিজা গোচৰটোৰ সপক্ষে যুঁজ দি আছিল তেতিয়াই অনুভৱ কৰিছিল তেওঁৰ দৰে বহু নাৰীয়েই এই যুঁজত বৰ অসহায়। প্ৰতিদিনেই কিমান নাৰী এনে উৎপীড়নৰ বলি হৈ আছে। এই সন্দৰ্ভত বন্দনাই কয়, ‘প্ৰায় ২বছৰৰ ভিতৰত মই মোৰ জীৱনটোক ন ৰূপ দিছো। মই এটা গ্ৰুপ তৈয়াৰ কৰিছো, যিটো গ্ৰুপত নিৰ্যাতনৰ বলি হোৱা মহিলাসকল আছে। এয়া হয়তো ভাৰতৰ প্ৰথমটো এনে গোট। এনে এক মঞ্চ মই গঢ় দিছো য’ত প্ৰতিগৰাকী নিৰ্যাতিতাই নিজৰ সকলোবোৰ কথা খুলি ক’ব পাৰে। আৰু আলোচনাৰ পাছত যিসকল মহিলাই ভাৱে যে, আমি আইনৰ কাষ চাপিব লাগে! সেইসকলক মই সহায় কৰো।’
তাৰপিছত বন্দনাই কয়, ‘যেতিয়া মই মোৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াটো চলাই আছিলো তেতিয়া মোৰ হাতত দুটা ৰাস্তা খোলা আছিল। হয় মই কঠোৰভাৱে জীৱনটোক আগুৱাই লৈ যাব লাগিব অন্যথা মই আত্মহত্যা কৰিব লাগিব। মই তেতিয়া প্ৰথম ৰাস্তাটোৱেই বাচি লৈছিলো। মই নিজকে সুখী ৰাখিবলৈ ইতিবাচক কথা চিন্তা কৰিবলৈ লৈছিলো।’
বন্দনাই তেওঁৰ বিচ্ছেদক লৈ দিয়া মন্তব্যত কয় যে, তেওঁৰ সংসাৰহে বিফল এগৰাকী নাৰী হিচাপে তেওঁৰ প্ৰতিটো পদক্ষেপেই সফল। যদি আপুনি নিৰ্যাতিতা হৈ আছে তেন্তে তেনে সম্পৰ্ক কঢ়িয়াই থকাতকৈ মুক্ত পৃথিৱীৰ দিশেৰে ওলাই আহক। সমাজে বিবাহ বিচ্ছেদ হোৱা মহিলাক কেনেধৰণে চাব এইবোৰ বিষয় ভাৱি থকাৰ কোনো অৰ্থ নাই। যদি বহুদিন ধৰি এগৰাকী মহিলাই এই উৎপীৰণ সহ্য কৰি থাকে এটা সময়ত সহ্য কৰাটো এটা অভ্যাসেই হৈ পৰে। সেয়ে এনে সম্পৰ্ক ত্যাগ কৰি সময় থাকোতেই ওলাই আহক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ