অসম লাইভ২৪ঃ বিহুলৈ মাজত কেইটামানহে দিন। হেঁপাহৰ বিহুটিক আদৰিবলৈ সাঁজু হৈছে অসমবাসী। ৰঙালী বুলিলেই উলাহ। ৰঙালীত কেৱল চহা অসমীয়াই সাঁজু হয় তেনে নহয়। সাঁজু হৈছে শিল্পী সকলো। বিহুত অনুষ্ঠান পৰিবেশনৰ বাবে জুবিন গাৰ্গ, পাপন, নীল আকাশকে ধৰি বহুকেইজন শিল্পীয়েই সাঁজু হৈছে।
কিন্তু বিহুত গীত পৰিবেশন কৰিবৰ বাবে একোজন শিল্পীয়ে মাননি কিমান লয়? প্ৰত্যেকৰে মাননি একেইনে? ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ অনুষ্ঠান পৰিবেশনত শিল্পীসকলৰো কিছু খৰছ থাকে। এইবাৰ বিহুমঞ্চত শিল্পীসকলে গীত পৰিবেশন কৰিবলৈ কোনে কিমান মাননি ল’ব? মাননিৰ এখন লিষ্ট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
লিষ্টখনত উল্লেখ থকা অনুসৰি আটাইতকৈ বেছি মাননি ল’ব জুবিন গাৰ্গে। তাৰপাছতেই আছে পাপন। কিমান মাননি ল’ব এইসকল শিল্পীয়ে?
জুবিন গাৰ্গ- ৮ লাখ
পাপন – ৭লাখ
নীল আকাশ- ৫.৫০ লাখ টকা
আচুৰ্য বৰপাত্ৰ-৫.৫০ৰ পৰা ৬ লাখ
শংকুৰাজ কোঁৱৰ-৫ৰ পৰা ৬ লাখ
দীক্ষু- ৩.৮০ৰ পৰা ৫ লাখ টকা
দীপলীনা ডেকা -৩.৫০লাখ টকা
সুৱাসনা দত্ত ২.৭০ৰ পৰা ৪ লাখ টকা
ৰাকেশ ৰিয়ান ৪-৫ লাখ টকা
সান্নিধ্য ভূঞা-২.৫০ লাখ ২.৬০ টকা
কুসুম কৈলাস- ৩.৫০ লাখ টকা
গীতালি দেৱী-২-৩ লাখ টকা
বৰ্ণালী কলিতা-২.৫০ ৰ পৰা ৪ লাখ টকা
মণ্টুমনি- ৩.৫০ লাখ টকা
ভৃগু কাশ্যপ- ৩.৫০ ৰ পৰা ৪.৫০ লাখ টকা
প্ৰিয়ংকা ভৰালী- ৩ৰ পৰা ৪.৫০ লাখ টকা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ