অসম লাইভ২৪ঃ ৰাহুল পৰিপক্ক হৈছে। বিভিন্ন সময়ত এটাৰ পিছত এটা অভিযোগ ৰাহুলৰ বিৰুদ্ধে আহিছে যদিও ৰাহুল স্থিতঃপ্ৰজ্ঞ। পিছে এই পৰিপক্কতাৰ আঁৰত কি? সাংসদ পদ হেৰুৱাইয়ো ৰাহুলে শনিবাৰে দিয়া সংবাদমেলত কেইবাটাও কথা প্ৰকাশ কৰিছে। ‘মোৰ নাম ছাভাৰকাৰ নহয়, মোৰ নাম গান্ধী। গান্ধীয়ে কাৰো ওচৰত ক্ষমা নোখোজে। গোটেই জীৱনৰ বাবে মোক সংসদৰ পৰা নিলম্বন কৰিলেও মই থমকি নৰও।’ গোচৰলৈ ৰাহুলে ভয় নকৰাৰ আঁৰত আছে এইকেইটা কাৰণ।
শেহতীয়াভাৱে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদবীক লৈ কটাক্ষ কৰাৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছে চুৰট আদালতে। কাৰাদণ্ডৰ আদেশ দিয়াৰ লগে লগেই ৰাহুল গান্ধীৰ সাংসদ পদো বাতিলৰ বিশেষ জাননী মুকলি কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰালাই। সাংসদ পদ খাৰিজ হোৱাৰ লগে লগেই দেশৰ ৰাজনীতিত এতিয়া ৰাহুলৰেই চৰ্চা। এই সিদ্ধান্তকলৈ শাসক আৰু বিৰোধীৰ মাজতো আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডাৰ। শাসক দলে ৰাহুলৰ সাংসদ পদ খাৰিজক সমৰ্থন জনোৱাৰ বিপৰীতে বিৰোধীয়ে এই সিদ্ধান্তক প্ৰতিহিংসাৰ ৰাজনীতি বুলি অভিহিত কৰিছে। কিন্তু ৰাহুল বিৰুদ্ধে মাত্ৰ এটাই গোচৰ আছেনে? দেশৰ বহুকেইখন ৰাজ্যতেই ৰাহুলৰ বিৰুদ্ধে আছে বহু গোচৰ। ৰাহুলৰ বিৰুদ্ধে আদালতত গোচৰ তৰা প্ৰায়সংখ্যকেই আকৌ বিজেপি আৰএছএছৰ নেতা, কৰ্মী আৰু সংগঠন। কি কি গোচৰ এতিয়ালৈকে পঞ্জীভূত হৈ আছে ৰাহুলৰ বিৰুদ্ধে?
২০২৩ ত ৰাহুলৰ বিৰুদ্ধে এই গোচৰ
বৃহস্পতিবাৰে ৰাহুলক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছে চুৰট আদালতে। আদালতে কাৰাদণ্ড দিয়াৰ লগে লগেই খাৰিজ হৈছে ৰাহুলৰ সাংসদ পদ। মোদীৰ পদবীক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবেই আদালতে এই শাস্তি বিহিছে ৰাহুলক। শাস্তি ঘোষণা কৰিলেও চুৰট আদালতে ৰাহুলক ৰায়ৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে ৩০ দিনৰ সময়ো দিছে। ৰাহুলৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে।
২০১৯ ত তিনিটাকৈ গোচৰত জামিন লাভ
মানহানিৰ গোচৰত ২০১৯ ত পাটনাৰ এখন আদালতে ৰাহুলৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছিল। ৰাহুলৰ বিৰুদ্ধে সেই গোচৰো ৰুজু কৰিছিল বিজেপিৰেই এজন নেতাই। তাতো ৰাহুলে এখন জনসভাত জনতাক উদ্দেশ্যি কৈছিল, ‘মোদী উপাধিৰ ব্যক্তিসকল চোৰেই হয় নেকি?’ এই মন্তব্যৰ বাবেই ৰাহুলৰ বিৰুদ্ধে এজন বিজেপি নেতাই গোচৰ তৰে। অৱশ্যে সেই গোচৰত ৰাহুলে পাটনা আদালতৰ পৰা জামিন পায়।
২০১৯ চনতেই ৰাহুলে আহমেদাবাদ আদালতৰ পৰাও এক জামিন লৈছিল। সেই গোচৰটো আছিল ২০১৬ চনৰেই। বিমুদ্ৰাকৰণৰ সময়ত ৰাহুলে আহমেদাবাদৰ জিলা সমবায় বেংকৰ বিৰুদ্ধে এক অভিযোগ আনিছিল। আহমেদাবাদৰ জিলা সমবায় বেংকে বিমুদ্ৰাকৰণৰ সময়ত যি নোট সলনি হৈছিল তাত নকল নোট বদলি কৰা বুলি ৰাহুলে অভিযোগ আনিছিল। এই অভিযোগৰ বাবেই আহমেদাবাদ জিলা সমবায় বেংকে ৰাহুলৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল।
’১৯ চনতেই মুম্বাইৰ এক আদালতেও জামিন প্ৰদান কৰিছিল ৰাহুলক। ৰাহুলৰ বিৰুদ্ধে সেইব গোচৰ তৰিছিল আৰ এছ এছে। ৰাহুলে সাংবাদিক গৌৰী লংকেশৰ হত্যাত আৰএছএছৰ হাত থকা বুলি এক জনসভাত প্ৰকাশ কৰিছিল।
অসমৰ পৰাও ৰাহুলৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ
২০১৬ চনত অসমৰ কামৰূপ জিলা আদালতত ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। এই গোচৰো ৰুজু কৰিছিল আৰএছএছে। ২০১৫ৰ ডিচেম্বৰত অসমৰ বৰপেটা সত্ৰত সোমাবলৈ আৰএছএছে ৰাহুলক বাধা দিয়া বুলি অভিযোগ আনিছিল ৰাহুলে। এই অভিযোগ সম্পূৰ্ণ মিছা বুলি ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল আৰএছএছে।
’১৬তেই ৰাহুলে আন এক গোচৰতো জামিন লৈছিল মহাৰাষ্ট্ৰৰ ভিওয়াণ্ডিৰ এখন আদালতৰ পৰা। ৰাহুলৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ মহাত্মা গান্ধীক আৰএছএছেই হত্যা কৰা বুলি অভিযোগ আনিছিল। এই মন্তব্যৰ বাবে মহাৰাষ্ট্ৰৰ এখন আদালতত গোচৰ তৰিছিল আৰএছএছে। পাছলৈ উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ ৰায় দিছিল যে এই মন্তব্য ৰাহুলে সঁচা প্ৰমাণ কৰিব পাৰিলে ৰাহুল নিৰ্দোষী।
নেশ্ব্যনেল হেৰল্ড গোচৰো আছে ৰাহুলৰ বিৰুদ্ধে
২০১৫ চনত নেশ্ব্যনেল হেৰল্ড গোচৰত জামিন লাভ কৰিছিল ৰাহুলে। ’১৫ ৰ ডিচেম্বৰত ৰাহুল আৰু তেওঁৰ মাতৃ ছোনীয়া গান্ধীয়ে এই গোচৰত জামিন লাভ কৰিছিল। ৰাহুল আৰু তেওঁৰ মাতৃ তথা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে এই গোচৰ তৰিছিল বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ