অসম লাইভ২৪ঃ জোনালী নাথৰ মৃত্যুৰ পাছতেই ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ফোনযোগে খবৰ সৈতে জোনালীৰ পৰিয়ালৰ। জোনালীৰ কন্যাক ফোনযোগে মুখ্যমন্ত্ৰীয়ে কি ক’লে? সেই লৈয়ো চৰ্চা হৈছিল। জীয়াৰীয়ে এই সন্দৰ্ভত কয়, ‘মুখ্যমন্ত্ৰীয়ে মোক মা বুলি সম্বোধন কৰিছে। তেওঁ মোক কৈছে, চিন্তা নকৰিবা আমি সকলো কথা শুনিছো। মই এইকেইদিন খুবেই ব্যস্ত হৈ আছো। তিনি চাৰিদিনৰ ভিতৰতেই মই তোমালোকৰ ঘৰলৈ যাম। ভালকৈ থাকিবা, দেউতাৰ যত্ন ল’বা বুলি মোক কৈছে।’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰ লোৱাক লৈ ধন্যবাদ জনাইছে জোনালীৰ পৰিয়ালে। কন্যাই কয় যে, আমাৰ খবৰ লোৱাৰ বাবে চি এম ছাৰক ধন্যবাদ জনাইছো। চি এম ছাৰে আমাৰ মাৰ কথাটোক ইমান গুৰুত্ব দিছে তাৰবাবে তেওঁক অশেষ ধন্যবাদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ