অসম লাইভ২৪ঃ হেৰাই যোৱাৰ এয়া সময় নাছিল। কোনেও ভৱাও নাছিল। সৌ সিদিনালৈকে ৰঙালীৰ আনন্দত নাচি বাগি আছিল জোনমনিয়ে। মৃত্যুৰ খবৰ এনেকৈ হঠাতেই আহিব বুলি কোনেনো কল্পনা কৰিছিল! সোমবাৰে দোভাগ নিশা এটা দুৰ্ঘটনাই থিতাতে শেষ কৰি দিলে এক সম্ভাৱনাময় জীৱন। জোনমনি গুচি গ’ল উভতি নহাৰ বাটেৰে। সোমবাৰে নিশা জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’লে SI জোনমণি ৰাভাই।
ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ হৈছিল জোনমনি ৰাভাৰ মাৰুতি বাহনৰ। নিশা নিজা মাৰুটি এছপ্ৰেছ’ বাহনেৰে উজনিৰ দিশেৰে গৈ থাকোতেই সংঘটিত হয় এই দুৰ্ঘটনাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP-78UT4518 বাহনত খুন্দা মাৰে জোনমনিৰ বাহনখনে। খুন্দা মৰাৰ ফলতেই থিতাতে মৃত্যু হয়
SI জোনমণি ৰাভাৰ।
নশ্বৰদেহ মৰোণোত্তৰ পৰীক্ষাৰ পাছত জোনমনিৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ লৈ অনা হয়। জোনমনিৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ অনাৰ পাছতেই সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ। ইপিনে মৃত্যুৰ পূৰ্বে জোনমণিয়ে তেওঁৰ Whatsapp প্ৰফাইল ক’লা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ