অসম লাইভ২৪ঃ জ্যোতিষ গণনা অনুসৰি এই সপ্তাহত কেইটামান ৰাশি আৰ্থিক দিশত বিশেষভাৱে লাভৱান হ’ব। ১৮ জন ২০২৩ৰ দেওবাৰৰ পৰা ২৪ জুন ২০২৩ৰ শনিবাৰ পৰ্যন্ত দিন ভালে চলিব কেইটামান ৰাশিৰ। কেইটামান ৰাশিৰ বাবে এই সপ্তাহটো আৰ্থিকভাৱে অশুভও। এই সপ্তাহৰ শেষ দিনটোত মিথুন ৰাশিৰ ওপৰত বুধৰ প্ৰভাৱ পৰিব। শনি থাকিব কুম্ভ ৰাশিত। জুন মাহৰ এই সপ্তাহত মেষ, মিথুন, কন্যা, কুম্ভসহ কেইবাটাও ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব।
মেষ
এই সপ্তাহত মেষ ৰাশিৰ জাতকসকলৰ অৰ্থনৈতিক অৱস্থা খুবেই শক্তিশালী হ’ব পাৰে। এই সপ্তাহত আপুনি বিনিয়োগৰ পৰা ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত ভ্ৰমণ এৰাই চলিলে ভাল হয়। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কঠোৰ পৰিশ্ৰম কৰিলে অগ্ৰগতিৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষত কাৰোবাৰ সৈতে দ্বন্দ বাঢ়িব পাৰে। শুভ দিন ১৯, ২০
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলে এই সপ্তাহত আৰ্থিক দিশত সংযম হওক। আপুনি যদি ভ্ৰমণৰ সময়ত ভাৰসাম্য বজায় ৰাখে তেন্তে আপোনাৰ মনোৰম অভিজ্ঞতা হ’ব। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বৰ্তমান আপুনি অংশীদাৰিত্বত যিসমূহ কাম কৰি আছে তাত কিছু অসন্তুষ্ট হ’ব পাৰে। অৰ্থনৈতিক ব্যয় বাঢ়িব পাৰে।
শুভ দিন ২২, ২৩
মিথুন ৰাশি
এই সপ্তাহৰ মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক অগ্ৰগতি হ’ব। সাফল্যতাত মন সুখী হ’ব। অৰ্থনৈতিক দিশৰ পৰা সময় অনুকূল। এই মুহূৰ্তত আপুনি কোনো নতুন বিনিয়োগৰ সহায়ত সুফল পাব। জীৱন সংগীৰ পৰা সুখী হ’ব। এই সপ্তাহত ভ্ৰমণ নকৰাই ভাল। সপ্তাহৰ শেষত কিছু সুখবৰ পাব পাৰে।
শুভ দিন ১৭, ১৮, ১৯, ২১, ২৩
কৰ্কট ৰাশি
এই সপ্তাহত কৰ্কট ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ উন্নতি হ’ব। ইয়াৰোপৰি চাকৰিত প্ৰমোছনৰ যোগ। এই সপ্তাহত আপোনাৰ প্ৰকল্পত সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। ইয়াৰোপৰি এই সময়ত আৰ্থিক ব্যয় হ’ব পাৰে।
শুভ দিন ১৭, ১৮, ১৯, ২১, ২৩
সিংহ
আৰ্থিক দিশত এই সপ্তাহটো সিংহ ৰাশিৰ জাতকৰ বাবে খুবেই ভাল। ইয়াৰোপৰি এই সপ্তাহত আপুনি ধনো লাভ কৰিব পাৰে। এই সপ্তাহত আপুনি একাকীত্ব অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ সহকৰ্মী বা কাষৰ ব্যক্তিৰ পৰা পূৰ্ণ সমৰ্থন লাভ নকৰিব। সপ্তাহৰ শেষত ধীৰে ধীৰে পৰিস্থিতি ভাললৈ আহিব।
শুভ দিন ১৭, ১৯, ২১
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাসকলে নতুন কোনো স্থানত ভ্ৰমণৰ বাবে মন স্থিৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি। এই সপ্তাহত স্বাস্থ্য ভালে থাকিব। আৰ্থিক ব্যয় বাঢ়িব। সপ্তাহৰ শেষত পাৰস্পৰিক ভালপোৱা দৃঢ় হ’ব এই ৰাশিৰ জাতকসকলৰ। শুভ দিন ২২, ২৩
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ