কাছ থকা আঙুঠি পিন্ধাটো আজিকালি ফেশ্বন। বহুতেই আঙুলিত এই আঙুঠি পিন্ধা দেখা যায়। কিন্তু মনত ৰাখিব এই টাৰ্টেল ৰিং সকলোৰে বাবে নহয়। সকলোৰে শৰীৰত এই আঙুঠি উপযুক্ত নহয় বাবে সমস্যাৰ সৃষ্টি হব পাৰে।
জ্যোতিষমতে এটা এটা ৰাশিৰ বাবে এটা এটা পাথৰ নিৰ্ধাৰণ কৰা আছে। যাক গ্ৰহৰত্ন বুলিও কোৱা হয়। সকলোৰে বাবে সকলো পাথৰ উপযোগী নহয়। কি গহনাই কাক শুভ ফল দিব, আকৌ ওলোটাই কাৰ শৰীৰত কি অশুভ প্ৰভাৱ পেলাব সেয়া জানিহে পাথৰ পিন্ধিব লাগে।
কাৰণ সকলো বস্তুৰ মাজৰে পৰাই এটা শক্তি নিৰ্গত হয় যি কাৰোবাৰ ওপৰত শুভ আৰু কাৰোবাৰ ওপৰত অশুভ প্ৰভাৱ পেলায়। সেয়ে গ্ৰহৰত্ন হওক বা গহনা, সকলো সঠিকভাৱে নিৰ্বাচনৰ পাছতহে ধাৰণ কৰিব। কচ্ছপৰ মূৰ্তি ঘৰত ৰখাৰ যেনে এটা শুভ ফল আমি পাও, ঠিক তেনেকৈ কচ্ছপৰ আঙুঠি হাতত পিন্ধিলেও তাৰ যি প্ৰভাৱ আছে সেয়া আমাৰ জীৱনৰ ওপৰত পৰে। কিছু ৰাশিৰ বাবে এই আঙুঠিয়ে খুব শুভ ফল প্ৰদান কৰিলেও কিছু ৰাশিৰ বাবে মুঠেও শুভ নহয়।
জ্যোতিষ মতে বৃষ, মিথুন, কৰ্কট, সিংহ, তুলা, ধনু, মকৰ আৰু কুম্ভ এই সকলো ৰাশিৰ জাতকৰ বাবে কচ্ছপৰ আঙুঠি ধাৰণ কৰাটো শুভ। কোন কোন ৰাশিৰ জাতকৰ বাবে কচ্ছপৰ আঙুঠিৰ অশুভ ফল আহে সেইসমূহ হৈছে, মেষ, কন্যা, বৃশ্চিক, মীন। এই চাৰিটা ৰাশিৰ জাতকে এই আঙুঠি ধাৰণ কৰিলে শুভ ফল নাপায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ