অসম লাইভ২৪ঃ প্ৰতি মাহত এটা দিনত বিশেষভাৱে শিৱক উপাসনা কৰে শিৱভক্তই। আহাৰ মাহত শিৱক উপাসনা কৰাৰ বিশেষ দিন পৰিছে ১৫ জুলাইত। হিন্দু পঞ্জিকা অনুসৰি শাওন মাহ এইবাৰ দুমহীয়া। স্বাভাৱিকভাৱেই এই মাহত পৰা বিশেষ দিনটোক বিশেষভাৱে উদযাপন কৰা হ’ব। এইবাৰ শিৱক উপাসনা কৰা দিনটোত অকত্যন্চ শুভ যোগ পৰিছে বুলি জনাইছে জ্যোতিষীয়ে। এই বিশেষ দিনটোতেই প্ৰদোষ ব্ৰতো পালন কৰা হ’ব। সেইদিনাই সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। সেয়া অত্যন্ত শুভ সংযোগ। এই শুভ সংযোগত কোন কোন ৰাশি বিশেষভাৱে লাভৱান হ’ব?
সিংহ ৰাশি
শাওন মাহ সিংহ ৰাশিৰ জাতকসকলৰ বাবে অত্যন্ত শুভ। শিৱৰ আশীৰ্বাদত কোনো কাম আৰম্ভ কৰিলে ভাল হ’ব। ধন লাভৰ যোগ। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ব্যৱসায় সম্প্ৰসাৰণ কৰিলে ভাল ফল পাব।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰ ওপৰতো শিৱৰ বিশেষ আশীৰ্বাদ আছে। এই ৰাশিৰ জাতকসকলৰ চাকৰিত পদোন্নতি বা দৰমহা বৃদ্ধিও হ’ব পাৰে। পৰিয়ালত নতুন সদস্যৰ আগমন ঘটিব। এই ৰাশিৰ জাতকসকলে সন্তান সুখ লাভ কৰিব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। পৰিয়ালৰ লোকৰ পৰাও সাহায্য লাভ কৰিব। দাম্পত্য জীৱনত আনন্দ বাঢ়িব। দাম্পত্য জীৱনত আনন্দ বাঢ়িব। পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব।
ধনু ৰাশি
শিৱৰ আশীৰ্বাদত নিজৰ পছন্দৰ জীৱনসংগী পাব এই ৰাশিৰ জাতকে। প্ৰেমত সফল হ’ব। এই ৰাশিৰ জাতকসকলে ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত ল’লে সফল হ’ব। সমাজতো মান সন্মান বৃদ্ধি পাব।
মকৰ ৰাশি
শাওন মাহত মকৰ ৰাশিৰ জাতকসকলে সু-সংবাদ লাভ কৰিব। এই ৰাশিৰ চাকৰীয়ালসকলে কেৰিয়াৰ আগুৱাই নিয়াৰ সুযোগ পাব। সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। এই ৰাশিৰ জাতকসকলে ভাল শিক্ষা প্ৰতিষ্ঠানত পঢ়াৰ সুযোগো লাভ কৰিব। বন্ধু আৰু আত্মীয়ৰ পৰা বিশেষ সংবাদ লাভ কৰিব। পাৰিবাৰিক জীৱনত আনন্দ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে উপভোগ্য সময় কটাব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ